Top News

উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে বিৰুধীও তৎপৰ

উপ-ৰাষ্ট্ৰপতি-নিৰ্বাচনৰ-বাবে-বিৰুধীও-তৎপৰ
 উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে বিৰুধীও তৎপৰ



উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে বিৰুধীও তৎপৰ


ভাৰতৰ প্ৰধান বিৰুধী গোট "ইণ্ডিয়া" ব্লকৰ হৈ উপ-ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদন্দিতা কৰিবলৈ তৎপৰ হৈ পৰিছে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডীয়ে।

ইফালে এনডিএৰ হৈ প্ৰতিদন্দিতা কৰিব চিপি ৰাধাকৃষ্ণণ ডাঙৰীয়াই।

উল্লেখযোগ্য যে অলপতে উপ-ৰাষ্ট্ৰপতি শ্ৰী জগদ্বীপ ধনশৰ ডাঙৰীয়াই নিজ পদৰ পৰা অব্যাহতি লোৱাত উপ-ৰাষ্ট্ৰপতিৰ পদটো খালি হৈ আছিল।

এতিয়া উপ-ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচনৰ বাবে অহা ৯ চেপ্তেম্বৰত নিৰ্বাচন অনুস্থিত হ'ব।

চিপি ৰাধাকৃষ্ণণ তামিল নাডুৰ প্ৰাক্তন বিজেপিৰ সাংসদ হোৱাৰ বিপৰীত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

বৰ্তমানে লোকসভা আৰু ৰাজ্যসভাৰ ৭৮২ খন আখনৰ ভিতৰত ৪২৬ খন আখন এনডিএৰ হাতত আছে।

নিৰ্বাচনটোত জয়ী হবলৈ মুঠ আখনৰ প্ৰয়োজন ৩৯২ টা ভোট।

এই সমীক্ষাৰ ফালৰ পৰা ৰাধাকৃষ্ণণ ডাঙৰীয়াৰ বিজয়ৰ পথ মসৃন হৈ থকাত ৰেড্ডী ডাঙৰীয়াই জয়ৰ বাবে এতিয়া প্ৰচাৰ অভিযান জোৰদাৰ কৰি তুলিছে।

#উপৰাষ্ট্ৰপতিনিৰ্বাচন#ভাৰত#চিপিৰাধাকৃষ্ণণ#বিসুদৰ্শনৰেড্ডী







Post a Comment

Previous Post Next Post