
চৰকাৰী কৰ্মচাৰীৰ বাবে দুদিনীয়া বন্ধ

চৰকাৰী কৰ্মচাৰীৰ বাবে দুদিনীয়া বন্ধ
ৰাজ্য চৰকাৰে চৰকাৰী কৰ্মচাৰী সকলৰ বাবে দুদিনীয়া বিশেষ ছুটী মঞ্জুৰ কৰিছে।
"মাতৃ-পিতৃ বন্দনা" আঁচনিৰ অধীনত এই ছুটীৰ ব্যৱস্থা কৰিছে অসম চৰকাৰে। অহা ১৪ আৰু ১৫ নবেম্বৰত কৰ্মচাৰী সকলে এই বন্ধ লাভ কৰিব।
২০২১ চনত অসমৰ মূখ্যমন্ত্ৰী হিচাপে দ্বায়িত্ব লয়েই ড° হিমন্ত বিশ্ব শৰ্মাই বৃদ্ধ পিতৃ-মাতৃক সহায়-সহযোগ কৰাৰ বাবে এই আঁচনিৰ ঘোষণা কৰি যোৱা ২০২২ চনৰ পৰা ইয়াক বলবৎ কৰিছিল।
মাক দেউতাকক কাষতে থাকি আল-পৈচান ধৰাত চৰকাৰী কৰ্মচাৰী সকলে সময়ৰ নাটনিত আতৰত থাকিব লগীয়া হৈছিল।
তাকেই অনুভৱ কৰি মূখ্যমন্ত্ৰী শৰ্মাই "মাতৃ-পিতৃ বন্দনা" আঁচনি খন ৰাজ্যত প্ৰৱৰ্তন কৰে।
অহা ১৪-১৫ নবেম্বৰ দিন দুটা শুক্ৰবাৰ আৰু শনিবাৰ পৰাত ১৬ তাৰিখটো দেওবাৰ পৰাত চাকৰিয়াল সকলে কাজেই তিনি দিনৰ বন্ধ লাভ কৰিব।
চৰকাৰে ঘোষণা কৰা বন্ধ কেইটা লবলৈ-
https://matripitrivandana.assam.gov.in যোগে আবেদন কৰিব লাগিব।
Post a Comment