
ফটো ক্ৰেডিট-উইকিপেডিয়া
আজি দীঘলীয়া চন্দ্ৰ গ্ৰহণ

আজি উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজে সহজেই চন্দ্ৰ গ্ৰহণ চোৱাৰ সুৱৰ্ণ সুজোগ লাভ কৰিব।
আছাম ট্ৰিবিউনৰ খবৰ অনুসৰি ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ পজিশ্বনেল এষ্ট্ৰনমিকেল কেন্দ্ৰৰ তথ্য মতে আজি ৰাতি ৯ বাজি ৫৭ মিনিটৰ পৰা ৰাতি ১ বাজি ২৭ মিনিটলৈকে আংশিক চন্দ্ৰ গ্ৰহণ লাগিব।
ইয়াৰে সম্পূৰ্ণ চন্দ্ৰ গ্ৰহণ লাগিব নিশা ১১ বজাৰ পৰা ৰাতি ১২ বাজি ২৭ মিনিটলৈকে।
উত্তৰ পূৰ্বাঞ্চলৰ উপৰিও ভাৰতৰ বাকী অংশৰ লগতে এছিয়া,ইউৰোপ,আফ্ৰিকা,অষ্ট্ৰেলিয়া,প্ৰশান্ত আৰু আটলাণ্টিক মহাসাগৰৰ কিছু অংশৰ পৰাও চন্দ্ৰ গ্ৰহণ দেখা পোৱা যাব।
গুৱাহাটী প্লেনেটেৰিয়ামৰ পৰমৰ্শদাতা তথা বৈজ্ঞানিক বিষয়া বাবুল চন্দ্ৰ বৰাই অসমবাসীয়ে খালী চকুৰে সহজেই চন্দ্ৰ গ্ৰহণ চাব পাৰিব বুলি জানিবলৈ দিয়ে।
উল্লেখযোগ্য যে চন্দ্ৰ আৰু সূৰ্যৰ মাজত পৃথিৱী সমান্তৰাল ভাৱে একেদাল ৰেখাত উপনিত হলে চন্দ্ৰ গ্ৰহণ লাগে।
আৰু ইয়াৰেই ফলশ্ৰুতিত চন্দ্ৰৰ ৰংটো তামৰ দৰে ৰঙা হৈ পৰে।
Post a Comment