Top News

আজি ড° ভূপেন হাজৰীকাৰ জন্ম জয়ন্তী

আজি-ভূপেন-হাজৰিকাৰ-জন্মজয়ন্তী
ফটো ক্ৰেডিট-এনডিটিভি



আজি ড° ভূপেন হাজৰীকাৰ জন্ম জয়ন্তী


গুৱাহাটীৰ জালুকবাৰীক অৱস্থিত ভুপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰক নতুন "ড° ভূপেন হাজৰিকা সমন্নয় তীৰ্থ" নামেৰে নামাকৰন কৰি চৰকাৰী ভাৱে বিশ্ব বৰেণ্য শিল্পী,ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ জন্ম জয়ন্তী পালন কৰা হ'য়।

আজিৰ পৰা বছৰজোৰা কাৰ্যসূচীৰে চৰকাৰে জন্ম জয়ন্তী পালন কৰিব বুলি মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰাৰ লগতে ৰাজ্য বাসীকো জন্ম জয়ন্তীত আগভাগ লবলৈ উদ্ধোধনী অনুষ্ঠানৰ ভাষণ যোগে আহ্বান জনাই।

অহা ১৩ চেপ্তেম্বৰত দেশৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সুধাকণ্ঠ, ড° ভূপেন হাজৰিকাৰ জন্ম জয়ন্তী অনুষ্ঠানত ভাগ লব বুলি কৈ ড° শমা ডাঙৰীয়াই সেই দিনাই মহান শিল্পী জনৰ নামত এটা মূদ্ৰা উন্মোচন কৰাৰ লগতে ভূপেন হাজৰিকাৰ নামত এখন গ্ৰন্থ উন্মোচন কৰি অসমৰ ২০ লাখ লোকৰ মাজত বিতৰন কৰিব বুলি সদৰি কৰে।

তাৰোপৰি মূখ্যমন্ত্ৰী ডাঙৰীয়াই অসম গৌৰৱ,ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানৰ সামৰনি অনুষ্ঠানত ভাৰতৰ ৰাষ্ট্ৰপতি গৰাকী উপস্থিত থাকিব বুলি একেটা ভাষণতে জানিবলৈ দিয়ে।

ভূপেন হাজৰিকাৰ আজি জন্ম দিন উপলক্ষ্যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এস্ক(X)ত এনেদৰে লিখে-

"ভূপেন হাজৰিকা জীক জন্ম বাৰ্ষিকীত স্মৰণ। আমি তেওঁৰ জন্ম শতবাৰ্ষিকী উদযাপন উদযাপন কৰাৰ সময়ত তেওঁৰ জীৱন আৰু সংগীত আৰু ই কেনেকৈ লাখ লাখ লোকক অনুপ্ৰাণিত কৰিছিল সেই বিষয়ে কেইটামান চিন্তা লিখিলো"।






Post a Comment

Previous Post Next Post