Top News

৭৭ সংখ্যক গণৰাজ্য দিৱস ২০২৬: কৰ্তব্য পথত শক্তি-সংস্কৃতিৰ মহাসংযোগ, অসমে প্ৰদৰ্শন কৰিলে আশাৰীকান্দিৰ ঐতিহ্য

দিল্লীৰ-কৰ্তব্য-পথত-ভাৰতৰ-গণৰাজ্য-দিৱস-পেৰেড-সামৰিক-মার্চপাষ্ট-টেংক-প্ৰদৰ্শন-বিমান-ফ্লাইপাষ্ট-আৰু-সাংস্কৃতিক-দৃশ্যাৱলী
ফটো-উইকীপেডিয়া


৭৭ সংখ্যক গণৰাজ্য দিৱস ২০২৬: কৰ্তব্য পথত শক্তি-সংস্কৃতিৰ মহাসংযোগ, অসমে প্ৰদৰ্শন কৰিলে আশাৰীকান্দিৰ ঐতিহ্য




চমুকৈ: ভাৰতবৰ্ষই আজি গৌৰৱ আৰু ঐক্যৰ সৈতে ৭৭ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰে। দিল্লীৰ কৰ্তব্য পথৰ কেন্দ্ৰীয় পেৰেডৰ লগতে অসমত ৰাজ্যজুৰি অনুষ্ঠিত হয় শৃংখলাবদ্ধ পেৰেড, সাংস্কৃতিক অনুষ্ঠান আৰু উন্নয়নৰ প্ৰতিশ্ৰুতি।


নতুন দিল্লী|গুৱাহাটী, ২৬ জানুৱাৰী, ২০২৬: ভাৰতবৰ্ষই আজি ৭৭ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰে। ৰাজধানী নতুন দিল্লীৰ কৰ্তব্য পথত আয়োজিত কেন্দ্ৰীয় কাৰ্যসূচীৰ নেতৃত্ব দিয়ে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে। এইবাৰৰ গণৰাজ্য দিৱস অনুষ্ঠানত ইউৰোপীয় পৰিষদৰ অধ্যক্ষ শ্ৰী এণ্টনিঅ’ কোষ্টা আৰু ইউৰোপীয় আয়োগৰ অধ্যক্ষা শ্ৰীমতী উৰ্ছুলা ভন ডেৰ লেয়েন মুখ্য অতিথি হিচাপে উপস্থিত থাকে-যি ভাৰত আৰু ইউৰোপীয় সংঘৰ কূটনৈতিক সম্পৰ্কৰ এক গুৰুত্বপূৰ্ণ সংকেত।

এইবাৰৰ গণৰাজ্য দিৱস বিশেষ তাৎপৰ্যপূৰ্ণ কাৰণ ৰাষ্ট্ৰীয় গীত ‘বন্দে মাতৰম’ৰ ১৫০ বছৰ পূৰ্ণ হোৱা। এই ঐতিহাসিক উপলক্ষে কৰ্তব্য পথত আয়োজন কৰা হয় এক অনন্য পেৰেড, য’ত ভাৰতৰ সামৰিক শক্তি, সাংস্কৃতিক বৈচিত্ৰ্য আৰু আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগী একেলগে প্ৰতিফলিত হয়।

আকাশত সামৰিক শক্তিৰ প্ৰদৰ্শন

পেৰেডৰ সময়ত ৰাফেল, সুখয় আৰু জাগুৱাৰ যুদ্ধবিমানসমূহে আকাশত দুঃসাহসিক কৌশল প্ৰদৰ্শন কৰে। এই দৃশ্যই দেশবাসীৰ লগতে বিদেশী অতিথিসকলকো বিশেষভাৱে আকৰ্ষণ কৰে। প্ৰায় ১০,০০০ বিশেষ অতিথিক এইবাৰৰ পেৰেড চাবলৈ আমন্ত্ৰণ জনোৱা হৈছিল।

শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে পেৰেড আৰম্ভণিৰ পূৰ্বে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পাছতে তেওঁ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু ইউৰোপীয় অতিথিসকলৰ সৈতে পৰম্পৰাগত বাহনত কৰ্তব্য পথত উপস্থিত হয়। তিৰংগা উত্তোলনৰ লগতে ১০৫ মিমি লাইট ফিল্ড গানৰ জৰিয়তে ২১ জাঁই গুলীৰে ৰাষ্ট্ৰীয় সন্মান প্ৰদৰ্শন কৰা হয়।

এইবাৰ পেৰেডৰ সামগ্ৰিক কমাণ্ড গ্ৰহণ কৰে লেফটেনেণ্ট জেনেৰেল ভৱনীশ কুমাৰে

প্ৰতীকপট আৰু থীম


এইবাৰ মুঠ ৩০ খন প্ৰতীকপট পেৰেডত অন্তৰ্ভুক্ত কৰা হয়-

  • ১৭ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ

  • ১৩ খন বিভিন্ন মন্ত্ৰালয় আৰু বিভাগৰ

  • প্ৰতীকপটসমূহ ‘স্বতন্ত্ৰতাৰ মন্ত্ৰ: বন্দে মাতৰম’ আৰু

সমৃদ্ধিৰ মন্ত্ৰ: আত্মনিৰ্ভৰ ভাৰত’ শীৰ্ষক থীমৰ আধাৰত প্ৰস্তুত কৰা হয়।

কৰ্তব্য পথত অসমৰ ঐতিহ্য


নতুন দিল্লীৰ কৰ্তব্য পথত এইবাৰ বিশেষভাৱে দৃষ্টি আকৰ্ষণ কৰে অসমৰ প্ৰতীকপটে। ইয়াত প্ৰদৰ্শিত হয়-

  • ধুবুৰীৰ আশাৰীকান্দিৰ টেৰাকোটা শিল্প

  • হীৰামাটিৰে নিৰ্মিত দেৱ-দেৱীৰ মূৰ্তি

  • পৰম্পৰাগত সৰাই

  • বাঁহৰ শিল্পকলা

  • অসমৰ নদীয়া জীৱনৰ প্ৰতীক ময়ূৰপক্ষী নাও

এই প্ৰতীকপটে অসমৰ লোকশিল্প, সংস্কৃতি আৰু ঐতিহ্যৰ বিশ্বজনীন পৰিচয় দাঙি ধৰে।

অসমত ৰাজ্যিক ভাৱে গণৰাজ্য দিৱস উদযাপন


অসমতো ৰাজ্যজুৰি গম্ভীৰতা আৰু উৎসাহৰ সৈতে গণৰাজ্য দিৱস উদযাপন কৰা হয়।

মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড়ৰ খানিকৰ খেলপথাৰত তিৰংগা উত্তোলন কৰে। তেওঁ ভাষণত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ সাংবিধানিক অৱদান আৰু ড॰ বি আৰ আম্বেদকাৰৰ নেতৃত্বাধীন খচৰা সমিতিৰ ভূমিকা স্মৰণ কৰে।

মুখ্যমন্ত্ৰীয়ে কয় যে অসম আজি একসময়ৰ অস্থিৰতাৰ পৰা ওলাই ভাৰতৰ অন্যতম দ্ৰুত বিকাশশীল ৰাজ্য হিচাপে আত্মপ্ৰকাশ কৰিছে। তেওঁ চৰকাৰে “মাটি, ভেটি, সংস্কৃতি আৰু পৰিচয়” সুৰক্ষাৰ ক্ষেত্ৰত কঠোৰ বুলি পুনৰ দৃঢ় কৰে।

ইফালে,

ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্যই গুৱাহাটীৰ খানাপাৰাত তিৰংগা উত্তোলন কৰে

যোৰহাট, মৰিগাঁও, চিৰাং, কোকৰাঝাৰ আদিতো অনুষ্ঠিত হয় পেৰেড আৰু সাংস্কৃতিক অনুষ্ঠান

সমগ্ৰ অসমজুৰি আজি গণৰাজ্য দিৱস ঐক্য, শৃংখলা আৰু অন্তৰ্ভুক্তিমূলক উন্নয়নৰ অঙ্গীকাৰৰ সৈতে উদযাপন কৰা হয়।



২০২৬ চনৰ ৭৭ সংখ্যক গণৰাজ্য দিৱস,অসম গণৰাজ্য দিৱসৰ বাতৰি,কৰ্তব্য পথ পেৰেড




Post a Comment

Previous Post Next Post