![]() |
| ফটো ক্ৰেডিট-ইএছপিএনক্ৰিকইনফ' |
ভাৰতৰ ছুপাৰ ৮লৈ সহজ গমন
যোৱাকালি শ্ৰীলংকাৰ কলম্বোৰ আৰ প্ৰেমেডাছা ষ্টেডিয়ামত অনুস্থিত ভাৰত আৰু পাকিস্তানৰ মাজত অনুস্থিত হাই-ভল্টেজৰ মেছ খনত উদয়ীমান সাহসী ভাৰতীয় যুৱ দলটোয়ে পাকিস্তানক সহজেই ৬১ ৰানত পৰাস্তু কৰি ২০২৬ৰ আইচিচি পুৰুষ টি২০ বিশ্বকাপ প্ৰতিযোগিতা খনৰ ছুপাৰ ৮ত প্ৰৱেশ কৰে।
টছত জিকি পাকিস্তানৰ অধিনায়ত ছালমান আলি আঘাই ভাৰতক প্ৰথমে বেটিঙ কৰিবলৈ দিয়াত শূন্যতে অভিষেশ শৰ্মা উইকেটটো হেৰুৱালেও ইষাণ কিষাণৰ ৪০ বলত ৭৭ ৰান,অধিনায়ত সূৰ্যকুমাৰ যাদৱ(৩২),শ্বিভম ডুবে(২৭),তিলক বাৰ্মা(২৫) আৰু ৰিংকু সিঙৰ অপৰাজিত ১১ ৰানৰ সহায়ত অতি মন্থৰ পিটছ ভাৰতে ধৈয্য সহকাৰে খেলি ২০ অভাৰত ৭ উইকেট হেৰুৱাই পাকিস্তানৰ বাবে অসম্ভৱ ১৭৫ ৰানৰ বিশাল ৰানৰ লক্ষ্য ঠিয় কৰায়।
ইয়াৰ বিপৰীতে পাকিস্তানে ভাৰতৰ নিয়ন্ত্ৰিত তথা চতুৰ বলিঙৰ সন্মুখত তিষ্টিব নোৱাৰি উছমান খানৰ ৪৪ বাহিৰে আন কোনো বেটছমেনে পেভিলিয়নলৈ বাট লোৱাত ১৮ অভাৰত ১০ উইকেট হেৰুৱাই ১১৪ ৰানত ইনিংশ সামৰি ৬১ ৰানত পৰাজিত হোৱাৰ উপৰিও টি২০ বিশ্ব কাপত এতিয়ালৈকৈ ৮-১ বিৱধানত সাৰিব লগীয়া হৈছে।
টিম ইণ্ডিয়াৰ হৈ হাৰ্ডিক পাণ্ডিয়া(২),যশপ্ৰীত বোমৰাহ(২),অক্ষয় পেটেল(২),বৰুণ চক্ৰৱৰ্টী(২), কুলদ্বীপ যাদৱ আৰু তিলক বাৰ্মাই এটাকৈ উইকেট লাভ কৰে।
খেলৰ শ্ৰেষ্ঠ খেলুৱৈৰ অনায়াসে ইষাণ কিষাণে লাভ কৰে।
ইসালে ভাৰতে ১৮ ফেব্ৰুৱাৰীত আহমেদাবাদত নেডাৰলেণ্ডৰ বিৰুধ্য সন্ধিয়া ৭ বজাত বিশ্বকাপৰ অন্তিম মেছখন খেলিব।

Post a Comment