অসম আৰক্ষী আৰু কাৰাগাৰ বিভাগত বিশাল নিযুক্তি ২০২৫: ১০২ টা SI আৰু Assistant Jailor পদৰ বিজ্ঞাপন মুকলি!
আপুনি অসম চৰকাৰৰ অধীনত এজন চাব-ইনস্পেক্টৰ বা এচিষ্টেণ্ট জেইলৰ হিচাপে নিজৰ কেৰিয়াৰ গঢ়িব বিচাৰে নেকি? তেন্তে আপোনাৰ বাবে আহিছে এক অতি সুখবৰ! ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি বৰ্ড (SLPRB)-এ অসম আৰক্ষী, APRO আৰু কাৰাগাৰ বিভাগৰ খালী পদসমূহ পূৰণৰ বাবে আনুষ্ঠানিক বিজ্ঞাপন প্ৰকাশ কৰিছে।
আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল - এই আবেদনৰ বাবে কোনো আবেদন মাচুল (Application Fee) দিব নালাগে।
পদসমূহৰ চমু আভাস
| পদৰ শিতান (Post Name) | বিভাগ (Department) | পদ (Vacancy) | অৰ্হতা (Eligibility) | অধিক তথ্য |
|---|---|---|---|---|
| Sub Inspector (UB) | অসম আৰক্ষী | 48 | যিকোনো স্নাতক (Graduate) | চাওক |
| Assistant Jailor | কাৰাগাৰ বিভাগ | 39 | যিকোনো স্নাতক (Graduate) | |
| SI (Communication) | APRO | 04 | B.Sc / BE / B.Tech | |
| Station Officer | অগ্নি নিৰ্বাপক বাহিনী | 06 | B.Sc (PCM) | |
| Squad Commander | অগ্নি নিৰ্বাপক বাহিনী | 05 | B.Sc (PCM) |
কোনে আবেদন কৰিব পাৰিব?
১/ বয়সৰ সীমা (০১-০১-২০২৬ তাৰিখলৈ):
- SI (UB) & Communication: ২০ ৰ পৰা ২৬ বছৰ।
- Station Officer & Squad Commander: ২০ ৰ পৰা ২৪ বছৰ।
- Assistant Jailor: ২১ ৰ পৰা ৪০ বছৰ।
(চৰকাৰী নিয়ম অনুসৰি SC/ST/OBC সকলৰ বাবে বয়সৰ ৰেহাই থাকিব।)
২/ প্ৰয়োজনীয় অৰ্হতা:
- সাধাৰণ স্নাতক: SI (UB) আৰু Assistant Jailor ৰ বাবে।
- বিজ্ঞান স্নাতক (PCM): অগ্নি নিৰ্বাপক বাহিনীৰ পদৰ বাবে।
- বিভাগীয় ৰেজিষ্ট্ৰেচন: আবেদনকাৰী অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব আৰু Employment Exchange কাৰ্ড থকাটো বাধ্যতামূলক।
নিৰ্বাচন প্ৰক্ৰিয়া কেনেকুৱা হ’ব?
প্ৰাৰ্থীসকলক তলত দিয়া পৰ্যায়সমূহৰ জৰিয়তে বাছনি কৰা হ’ব:
লিখিত পৰীক্ষা (Written Test): ১০০ নম্বৰৰ OMR ভিত্তিক পৰীক্ষা। (তৰ্কশক্তি, গণিত, সাধাৰণ জ্ঞান আৰু অসমৰ ইতিহাস)।
শাৰীৰিক পৰীক্ষা (PET/PST): ইয়াত দৌৰ আৰু লং জাম্প অন্তৰ্ভুক্ত।
মৌখিক সাক্ষাৎকাৰ: চূড়ান্ত নিৰ্বাচনৰ বাবে।
গুৰুত্বপূৰ্ণ তাৰিখসমূহ
আবেদন আৰম্ভ: ১৬ ডিচেম্বৰ, ২০২৫
আবেদনৰ অন্তিম তাৰিখ: ১৬ জানুৱাৰী, ২০২৬
এডিট অপচন: আবেদনৰ শেষৰ ৫ দিন।
গুৰুত্বপূৰ্ণ লিংক
অফিচিয়েল ৱেবছাইট: slprbassam.in
Post a Comment