Top News

অসমত বিজেপিৰ তৃতীয় চৰকাৰ গঠনৰ পথ মুকলি, জে.পি. নাড্ডা কেন্দ্ৰীয় পৰ্যবেক্ষক

অসমত-বিজেপিৰ-চৰকাৰ-গঠন-প্ৰক্ৰিয়া-আৰু-শপত-গ্ৰহণ-অনুষ্ঠানৰ-দৃশ্য
ফটো-এআই



অসমত বিজেপিৰ তৃতীয় চৰকাৰ গঠনৰ পথ মুকলি, জে.পি. নাড্ডা কেন্দ্ৰীয় পৰ্যবেক্ষক




থোৰতে: অসমত বিজেপিৰ ঐতিহাসিক বিজয়! তৃতীয়বাৰলৈ চৰকাৰ গঠন-J. P. Nadda কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে নিযুক্ত, শীঘ্ৰেই মুখ্যমন্ত্ৰী নিৰ্বাচন আৰু শপত গ্ৰহণৰ তাৰিখ ঘোষণাৰ সম্ভাৱনা।


গুৱাহাটী, মে’ ৫: অসমত পুনৰ একবাৰ ৰাজনৈতিক ইতিহাস গঢ়িবলৈ সাজু হৈছে ভাৰতীয় জনতা পাৰ্টি (BJP)। এনডিএৰ জয়ধ্বনিৰ পিছত ৰাজ্যত চৰকাৰ গঠনৰ প্ৰক্ৰিয়া আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে। এই পৰিপ্ৰেক্ষিতত, বিজেপিয়ে কেন্দ্ৰীয় স্থাস্থ্য মন্ত্ৰী শ্ৰী জে পি নড্ডাক অসম বিধায়িনী দলৰ নেতা নিৰ্বাচনৰ বাবে কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে নিযুক্ত কৰিছে।

বিজেপিৰ চৰকাৰী জাননী অনুসৰি, হাৰিয়ানাৰ মুখ্যমন্ত্ৰী শ্ৰী নয়ৱ সিং ছাইনী সহ-পৰ্যবেক্ষক হিচাপে দায়িত্ব ল’ব। এই পদক্ষেপে অসমত নতুন চৰকাৰ গঠনৰ দিশে এক গুৰুত্বপূৰ্ণ পথ লৈছে।

বৃহৎ জনাদেশ: বিজেপিৰ একক আধিপত্য


এইবাৰৰ বিধানসভা নিৰ্বাচনত এনডিএয়ে ১২৬ টা আসনৰ ভিতৰত ১০২ টা আসন জিকি অসম তথা দেশতেই বিশেস দৃষ্টি আকৰ্ষণ কৰিছে। তাৰ ভিতৰত বিজেপিয়ে এককভাৱে ৮২ খন আসন লাভ কৰি পুনৰ চৰকাৰ গঠনৰ দৃঢ় ভেটি স্থাপন কৰিছে।

বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে দিছপুৰস্থিত নিজৰ বাসভৱনত বিজেপি সভাপতি শী দিলীপ শইকীয়া আৰু অগপ দলৰ নেতা শ্ৰী অতুল বৰা,শ্ৰী কেশৱ মহন্তৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰিছে।

চৰকাৰ গঠন প্ৰক্ৰিয়া: পৰৱৰ্তী পদক্ষেপ কি?


সূত্ৰ অনুসৰি, মুখ্যমন্ত্ৰী সৰ্মাই শীঘ্ৰেই ৰাজ্যপাল শ্ৰীযুত লস্মন প্ৰসাদ আচাৰ্যক সাক্ষাৎ কৰি পদত্যাগ দাখিল কৰাৰ লগতে নতুন চৰকাৰ গঠনৰ দাবী উত্থাপন কৰিব পাৰে।

শপত গ্ৰহণ অনুষ্ঠানৰ তাৰিখ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপলব্ধতাৰ ওপৰত নিৰ্ভৰ কৰিব বুলি জনোৱা হৈছে। এইবাৰৰ অনুষ্ঠানত তেওঁ উপস্থিত থাকিবলৈ অসম ৰাজ্যিক বিজেপিয়ে বিশেষ আগ্ৰহ প্ৰকাশ কৰিছে।

প্ৰধানমন্ত্ৰীৰ প্ৰতিক্ৰিয়া: সংস্কৃতিৰ সৈতে জড়িত জয়


দিল্লীত দলীয় কৰ্মীসকলক উদ্দেশ্য কৰি ভাষণ আগবঢ়াই শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কয়-

“গংগাৰ লগতে ব্ৰহ্মপুত্ৰ আৰু মা কামাখ্যাৰ আশীৰ্বাদে এই জয় সম্ভৱ হৈছে। অসমত এইটো আমাৰ তৃতীয়বাৰৰ সফলতা।”


আগলৈ কি?


বিধায়ক দলৰ বৈঠকত শীঘ্ৰেই নেতা নিৰ্বাচন সম্পূৰ্ণ হ’ব আৰু তাৰ পিছতেই চৰকাৰ গঠন প্ৰক্ৰিয়া দ্ৰুতগতিত আগবাঢ়িব। অসমত বিজেপিৰ এই ধাৰাবাহিক জয় ৰাজ্যৰ ৰাজনীতিৰ বাবে এক নতুন অধ্যায় হিচাপে পৰিগণিত হৈছে।


FAQ


Q1: অসমত কোন দল চৰকাৰ গঠন কৰিব?

👉 বিজেপি নেতৃত্বাধীন এনডিএয়ে চৰকাৰ গঠন কৰিব।

Q2: কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে কাক নিযুক্ত কৰা হৈছে?

👉 J. P. Nadda-ক নিযুক্ত কৰা হৈছে।

Q3: বিজেপিয়ে কিমান আসন লাভ কৰিছে?


👉 বিজেপিয়ে ৮২ খন আসন লাভ কৰিছে।

Q4: শপত গ্ৰহণ কেতিয়া হ’ব?

👉 প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সময়সূচীৰ ওপৰত নিৰ্ভৰ কৰিব।

Q5: বৰ্তমান মুখ্যমন্ত্ৰী কোন?

👉 ড° হিমন্ত বিশ্ব শৰ্মা।



অসম নিৰ্বাচন ২০২৬,বিজেপি চৰকাৰ অসম,হিমন্ত বিশ্ব শৰ্মা

Post a Comment

Previous Post Next Post