Top News

অসম চৰকাৰৰ যুৱ উন্নয়ন বিপ্লৱ: জীৱন প্ৰেৰণা, নিযুত বাবু আৰু অনুপ্ৰেৰণা আঁচনিয়ে গঢ়িব আত্মনিৰ্ভৰ ভৱিষ্যৎ

মুখ্যমন্ত্ৰী-হিমন্ত-বিশ্ব-শৰ্মাৰ-খানাপাৰাৰ-জ্যোতি-বিষ্ণু-ক'লা-মন্দিৰত-ছাত্ৰ-ছাত্ৰীৰ-বাবে-জীৱন-প্ৰেৰনা-জীৱন-অনুপ্ৰেৰনা-নিযুত-বাবু-আঁচনি-শুভাৰাম্ভ
ফটো-x/ranojpegu



অসম চৰকাৰৰ যুৱ উন্নয়ন বিপ্লৱ: জীৱন প্ৰেৰণা, নিযুত বাবু আৰু অনুপ্ৰেৰণা আঁচনিয়ে গঢ়িব আত্মনিৰ্ভৰ ভৱিষ্যৎ




চমুকৈ: অসমৰ যুৱসমাজৰ বাবে ঐতিহাসিক সিদ্ধান্ত! মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মায়ে আৰম্ভ কৰিলে জীৱন প্ৰেৰণা, জীৱন অনুপ্ৰেৰণা আৰু নিযুত বাবু আঁচনি-শিক্ষা, গৱেষণা আৰু চাকৰিৰ নতুন দুৱাৰ খুলি দিলে অসম চৰকাৰে।


গুৱাহাটী, ২৬ ফেব্ৰুৱাৰী ২০২৬: যুৱসমাজক শক্তিশালী, দক্ষ আৰু আত্মনিৰ্ভৰ কৰি গঢ়ি তুলিবলৈ অসম চৰকাৰে আজি বৃহস্পতিবাৰে তিনিখনকৈ ঐতিহাসিক আঁচনি আৰম্ভ কৰে - জীৱন প্ৰেৰণা, জীৱন অনুপ্ৰেৰণা আৰু নিযুত বাবু আঁচনি।

সংবাদ মাধ্যমৰ খবৰ মতে, এই আঁচনিসমূহৰ শুভাৰম্ভ কৰা হয় খানাপাৰাস্থিত জ্যোতি বিষ্ণু আন্তৰ্জাটিক ক'লা মন্দিৰত অনুষ্ঠিত Direct Benefit Transfer (DBT) কাৰ্যসূচীত।

এই উদ্যোগসমূহ Skill, Employment and Entrepreneurship Department (SEED)-ৰ জৰিয়তে ৰূপায়ণ কৰা হৈছে, যাৰ লক্ষ্য হৈছে -


  • গৱেষণা আৰু উদ্ভাৱনক উৎসাহিত কৰা

  • কলেজ আৰু বিশ্ববিদ্যালয়ত নামভৰ্তি বৃদ্ধি কৰা

  • যুৱসমাজক ভৱিষ্যৎ প্ৰযুক্তিৰ বাবে সাজু কৰা


নিযুত বাবু আঁচনি: ল’ৰা ছাত্ৰসকলৰ বাবে নতুন আশাৰ বতৰা


মুখ্যমন্ত্ৰী শৰ্মাই ঘোষণা কৰা নিযুত বাবু আঁচনিখনে পুৰুষ ছাত্ৰসকলৰ আৰ্থিক সমস্যাক সমাধান কৰাৰ লক্ষ্য লৈছে।

সুবিধাসমূহ:

  • UG ছাত্ৰ: বছৰি ১০,০০০ টকা

  • PG ছাত্ৰ: বছৰি ২০,০০০ টকা

  • আবেদন: Samarth Portalৰ জৰিয়তে

  • যোগ্যতা: নিয়মিত উপস্থিতি আৰু শৈক্ষিক শৃংখলা

ইতিপূৰ্বে নিযুত মইনা আঁচনিয়ে ৫০ হাজাৰৰো অধিক ছাত্ৰীক কলেজলৈ আনিছিল। এতিয়া এই নতুন আঁচনিয়ে ল’ৰাকো সমান সুযোগ প্ৰদান কৰিব বুলি আশা কৰা হৈছে।


জীৱন প্ৰেৰণা আঁচনি: স্নাতকসকলৰ বাবে চাকৰি প্ৰস্তুতি সহায়


এই আঁচনিৰ জৰিয়তে ৪৮,৩১৯জন নতুন স্নাতকক এক বছৰৰ বাবে আৰ্থিক সহায় আগবঢ়োৱা হৈছে।

সুবিধাসমূহ:

  • মাহে ২,৫০০ টকা

  • সময়সীমা: ১২ মাহ

  • DBTৰ জৰিয়তে পোনপটীয়াকৈ একাউণ্টত জমা

SEED মন্ত্ৰী শ্ৰী প্ৰশান্ত ফুকনে কয় -

“এই আঁচনিয়ে যুৱসমাজক আত্মবিশ্বাসী কৰি তুলিব আৰু তেওঁলোকক দক্ষতাসম্পন্ন কৰি তুলিব।”

ই আঁচনিয়ে শিক্ষাৰ্থীক

  • নতুন স্কীল শিকিবলৈ

  • উচ্চ শিক্ষালৈ আগবাঢ়িবলৈ

  • উদ্যোগ আৰম্ভ কৰিবলৈ সহায় কৰিব।


জীৱন অনুপ্ৰেৰণা আঁচনি: গৱেষণাৰ নতুন যুগ


গৱেষকসকলক উৎসাহিত কৰিবলৈ আৰম্ভ কৰা হৈছে জীৱন অনুপ্ৰেৰণা আঁচনি।

সুবিধাসমূহ:

  • PhD গৱেষক: মাহে ২৫,০০০ টকা

  • ভিন্নভাৱে সক্ষম গৱেষক: মাহে ৪০,০০০ টকা

  • উপকৃত: ২,১১২জন

এই আঁচনিয়ে অসমৰ বিশ্ববিদ্যালয় আৰু গবেষণা ক্ষেত্ৰক বিশ্বমানৰ কৰি তুলিব বুলি ধাৰনা কৰা হৈছে।


Industry 4.0: আধুনিক প্ৰযুক্তিৰ নতুন কেন্দ্ৰ


অসম চৰকাৰে Tata Technologiesৰ সহযোগত ITI আৰু পলিটেকনিকসমূহত আধুনিক প্ৰযুক্তি কেন্দ্ৰ স্থাপন কৰিছে।

মূল তথ্য:

  • ৪৩টা ITI

  • ৩৪টা পলিটেকনিক

  • Robotics, Automation, AI, Manufacturing

  • জুন ২০২৬ৰ ভিতৰত সম্পূৰ্ণ হ’ব

ই কেন্দ্ৰসমূহে ছাত্ৰসকলক চাকৰিৰ বজাৰৰ সৈতে সংযোগ কৰিব।


এৰোস্পেচ প্ৰশিক্ষণ কেন্দ্ৰ: নতুন সম্ভাৱনা


চৰকাৰে Tata Nelco আৰু Dassault Aviationৰ সৈতে অংশীদাৰিত্বৰ ঘোষণা কৰিছে।

এই সহযোগিতাৰ অধীনত Guwahati Engineering Collegeত Aerospace আৰু Aeronautical Training Centre স্থাপন হ’ব।

ইয়াৰ ফলত অসমৰ ছাত্ৰই বিশ্বমানৰ এভিয়েচন ক্ষেত্ৰত প্ৰৱেশৰ সুযোগ পাব।


Assam Skill University: দক্ষতাৰ মূল কেন্দ্ৰ


মঙ্গলদৈস্থিত Assam Skill Universityক দক্ষতা বিকাশৰ মুখ্য কেন্দ্ৰ হিচাপে গঢ়ি তুলা হৈছে।

শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুে কয় -

“এই আঁচনিসমূহে শিক্ষাৰ পৰা গৱেষণালৈকে এক সম্পূৰ্ণ পৰিৱেশ সৃষ্টি কৰিব।”


মুখ্যমন্ত্ৰীৰ দৃষ্টিভংগী: আত্মনিৰ্ভৰ অসম


মুখ্যমন্ত্ৰী সৰ্মাই কয় -

“AI, Automation আৰু Data Scienceৰ যুগত অসম পিছ পৰি থাকিব নোৱাৰে। আমাৰ যুৱসমাজক ভৱিষ্যতৰ বাবে সাজু কৰাটোৱেই আমাৰ লক্ষ্য।”

এই আঁচনিসমূহে এখন - 

  • শিক্ষিত

  • দক্ষ

  • উদ্যমী

  • আত্মনিৰ্ভৰ অসম গঢ়াৰ পথ প্ৰসস্ত কৰিছে।

FAQ


প্ৰ: নিযুত বাবু আঁচনি কেতিয়ালৈ চলিব?

: নিয়মিত অধ্যয়নৰ ক্ষেত্ৰত UG আৰু PG সময়ছোৱালৈ চলিব।

প্ৰ: জীৱন প্ৰেৰণা কোনে পাব পাৰে?


: ৰাজ্যৰ চৰকাৰী প্ৰতিষ্ঠানৰ স্নাতক শিক্ষাৰ্থীসকলে।

প্ৰ: জীৱন অনুপ্ৰেৰণা কিদৰে সহায় কৰে?

: মাহে আৰ্থিক সহায় দি গৱেষণাত মনোনিবেশ কৰিবলৈ সহায় কৰে।

প্ৰ: আবেদন প্ৰক্ৰিয়া ক’ত?

: Samarth Portalৰ জৰিয়তে অনলাইন আবেদন কৰিব লাগে।

প্ৰ: এই আঁচনিসমূহৰ লাভ কি?

: শিক্ষা, চাকৰি আৰু গৱেষণাত সুযোগ বৃদ্ধি।



অসম যুৱ সৱলীকৰণ আঁচনি,জীৱন প্ৰেৰণা ২০২৬ অসম,নিজুত বাবু আঁচনি শিক্ষা




Post a Comment

Previous Post Next Post