
ফটো-এআই
লোক-পিয়ল ২০২৭: ভাৰতৰ প্ৰথম 'স্মাৰ্ট পিয়ল'! ঘৰৰ পৰাই দিব পাৰিব তথ্য; জানক কেনেকৈ সলনি হ’ব আপোনাৰ অভিজ্ঞতা

চমুকৈ: কাগজ-কলমৰ দিন গ’ল! এতিয়া আপোনাৰ স্মাৰ্টফোনতে হ’ব দেশৰ লোক-পিয়ল। ২০২৭ চনৰ ভাৰতীয় পিয়লত প্ৰথমবাৰৰ বাবে যোগ হ’ব 'ছেলফ-এনিুমাৰেচন' আৰু 'জাতিভিত্তিক গণনা'। আপোনাৰ এটা ভুল তথ্যই চৰকাৰী আঁচনিৰ পৰা আপোনাক বঞ্চিত কৰিব পাৰে নেকি? জানক সকলো নতুন নিয়ম।
ভাৰতীয় প্ৰশাসনৰ ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা হ’বলৈ গৈ আছে। ১৮৭২ চনৰ পৰা আৰম্ভ হোৱা পৰম্পৰাগত লোক-পিয়ল প্ৰক্ৰিয়াক পিছ পেলাই পিয়ল ২০২৭ হ’বলৈ গৈ আছে বিশ্বৰ সৰ্ববৃহৎ ডিজিটেল জনপ্ৰিয় কাৰ্যসূচী। ১১,৭১৮.২৪ কোটি টকাৰ বিশাল বাজেটৰ এই পিয়ল কেৱল সংখ্যা নহয়, ই হ’ব প্ৰযুক্তিৰ এক মহোৎসৱ বুলি পিআইবিৰ সূত্ৰত প্ৰকাশ।
কিয় এইবাৰৰ লোক-পিয়ল বিশেষ?
পূৰ্বৰ পিয়লবোৰত গণনাকাৰীসকলে ঘৰে ঘৰে গৈ কাগজত তথ্য সংগ্ৰহ কৰিছিল, যিটো আছিল যথেষ্ট সময় খৰছ। কিন্তু ২০২৭ চনত:
- কাগজবিহীন লোক-পিয়ল: সকলো তথ্য এণ্ড্ৰইড আৰু iOS ম'বাইল এপৰ জৰিয়তে সংগ্ৰহ কৰা হ’ব।
- ৰিয়েল টাইম নিৰীক্ষণ: CMMS পৰ্টেলৰ জৰিয়তে দিল্লীত বহিয়েই বিষয়ালে জানিব পাৰিব কোনখন গাঁৱৰ কাম কিমান আগবাঢ়িছে।
- ছেলফ-এনিুমাৰেচন: আপুনি যদি গণনাকাৰীৰ বাবে অপেক্ষা কৰিব নিবিচাৰে, তেন্তে চৰকাৰী পৰ্টেলত গৈ নিজেই নিজৰ তথ্য আপলোড কৰিব পাৰিব।
জাতিভিত্তিক গণনা: এক ঐতিহাসিক সিদ্ধান্ত
২০২৭ চনৰ লোক-পিয়লৰ আটাইতকৈ চৰ্চিত বিষয়টো হ’ল সামগ্ৰিক জাতিভিত্তিক গণনা। ২০১১ চনলৈকে কেৱল অনুসূচিত জাতি (SC) আৰু জনজাতিৰ (ST) গণনা কৰা হৈছিল। কিন্তু এইবাৰ কেবিনেটৰ সিদ্ধান্ত মৰ্মে দেশৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ সঠিক পৰিসংখ্যা লোৱা হ’ব, যাতে চৰকাৰী আঁচনিসমূহ প্ৰকৃত হিতাধিকাৰীৰ ওচৰলৈ যাব পাৰে।
লোক-পিয়লৰ গুৰুত্বপূৰ্ণ তাৰিখসমূহ
লো-পিয়ল প্ৰক্ৰিয়াটো দুটা ভাগত সম্পন্ন হ’ব:
- প্ৰথম পৰ্যায় (২০২৬ চনৰ এপ্ৰিল - ছেপ্টেম্বৰ): ইয়াক 'গৃহ তালিকাভুক্তকৰণ' বুলি কোৱা হয়। ইয়াত আপোনাৰ ঘৰৰ অৱস্থা, খোৱাপানী, বিদ্যুৎ আৰু অন্যান্য সা-সুবিধাৰ তথ্য লোৱা হ’ব।
- দ্বিতীয় পৰ্যায় (২০২৭ চনৰ ফেব্ৰুৱাৰী): এইটোৱেই হ’ল আচল জনসংখ্যা গণনা। ১ মাৰ্চ ২০২৭-ক 'Reference Date' বা 'পিয়ল ক্ষণ' হিচাপে ধৰা হৈছে।
মন কৰিবলগীয়া: উত্তৰাখণ্ড, হিমাচল আৰু লাডাখৰ দৰে বৰফাবৃত অঞ্চলত এই গণনা ২০২৬ চনৰ ছেপ্টেম্বৰ মাহতে কৰা হ’ব।
আপোনাৰ তথ্য সুৰক্ষিত নে?
ডিজিটেল হোৱাৰ লগে লগে চাইবাৰ নিৰাপত্তাৰ প্ৰশ্নটো আহে। চৰকাৰে স্পষ্ট কৰি দিছে যে:
- গোপনীয়তা: পিয়ল আইন ১৯৪৮-ৰ ১৫ নং ধাৰা অনুসৰি আপোনাৰ ব্যক্তিগত তথ্য কাৰো সৈতে ভাগ-বতৰা কৰা নহয়।
- RTI-ৰ আওতাৰ বাহিৰত: আপোনাৰ ব্যক্তিগত তথ্য RTI যোগেও কোনেও উলিয়াব নোৱাৰে।
- এণ্ড-টু-এণ্ড এনক্ৰিপচন: তথ্য সংগ্ৰহৰ পৰা চাৰ্ভাৰলৈ প্ৰেৰণ কৰালৈকে সকলো তথ্য এনক্ৰিপ্ট কৰি ৰখা হ’ব।
FAQ: আপোনাৰ মনত উদয় হোৱা প্ৰশ্নসমূহ
প্ৰশ্ন: মই অসমীয়া ভাষাত তথ্য দিব পাৰিমনে?
উত্তৰ: পাৰিব, পিয়ল ২০২৭-ৰ ম'বাইল এপ আৰু ছেলফ-এনিুমাৰেচন পৰ্টেল অসমীয়া আদিকে ধৰি মুঠ ১৬টা ভাৰতীয় ভাষাত উপলব্ধ হ’ব।
প্ৰশ্ন: 'ছেলফ-এনিুমাৰেচন ID' টো কি?
উত্তৰ: যেতিয়া আপুনি অনলাইনত নিজেই তথ্য জমা দিব, আপোনাক এটা ID দিয়া হ’ব। পৰৱৰ্তী সময়ত গণনাকাৰী জন আহিলে আপুনি কেৱল সেই ID টো দেখুৱালেই হ’ল, তেওঁ পুনৰ আপোনাক প্ৰশ্ন সোধাৰ দৰকাৰ নহ’ব।
প্ৰশ্ন: পিয়লত ভুল তথ্য দিলে কি হ’ব?
উত্তৰ: পিয়ল আইন অনুসৰি সঠিক তথ্য দিয়াটো প্ৰতিজন নাগৰিকৰ কৰ্তব্য। ভুল তথ্যই দেশৰ উন্নয়নৰ পৰিকল্পনাত ব্যাঘাত জন্মাব পাৰে।
#Census2027#DigitalIndia#CasteCensusIndia
Post a Comment