
ফটো-ছেণ্টিনেলআছাম
ছাফ ফুটবলত অসমৰ ৰেহান-মানশজ্যোতি

আজিৰ শ্ৰী লংকাৰ কলম্বোত চলি থকা ২০২৫ চনৰ দক্ষিন এছিয় ফুটবল ফেডাৰেচনৰ(ছাফ) ফুটবল প্ৰতিযোগিতা খনৰ ভাৰতৰ ১৭ বছৰ অনুৰ্ধ দলত অসমৰ দুই উদয়ীমান ফুটবলাৰ ৰেহান আহমেদ আৰু মানশজ্যোতি বৰুৱাৰ স্থান লাভ।
অহাকালিলৈ কলম্বোৰ খেলপথাৰত ভাৰতীয় দলে মালদ্বীপৰ বিৰুধ্যে এইবাৰৰ প্ৰতিযোগিতা খনৰ প্ৰথম মেছ খেলিব।
১৯ তাৰিখে ভাৰতে ভূটানৰ বিৰুধ্যে খেলাৰ বিপৰীতে ২২ তাৰিখে পাকিস্তানৰ বিৰুধ্যে খেলিব।
আনহাতে প্ৰতিযোগিতা খনৰ ছেমি ফাইনেল আৰু ফাইনেল দুখন ক্ৰমে ২৫ আৰু ২৭ চেপ্তেম্বৰত কলম্বোত অনুস্থিত হ'ব।
যোৱাবাৰৰ বিজয়ী ভাৰত,এইবাৰো প্ৰৱল দাবীদাৰ বুলি প্ৰক্ষিশক বিবিয়ানো ফাৰ্নডেজে সংবাদ মাধ্যমৰ আগত দ্বাবী কৰিছে।
ছাৰ্ক দেশৰ ৭ খন দেশে A আৰু B গ্ৰুপত দুটা ভাগত বিভক্ত হৈ এছিয়ান শীৰ্ষ প্ৰতিযোগিতা খনত অংশ লৈছে।
ইয়াৰে A গ্ৰুপত আছে-
শ্ৰী লংকা,বাংলাদেশ আৰু নেপাল আৰু
B গ্ৰুপত আছে-
ভাৰত,ভূটান,মালদ্বীপ আৰু পাকিস্তান।
২৩ জনীয়া ভাৰতীয় দলটো হৈছে-
গ'লৰক্ষক- মানশজ্যোতি বৰুৱা,মাৰুফ ছাফি আৰু ৰাজৰূপ চৰকাৰ।
ডিফেণ্ডাৰ- হাউলুংগৌ মেট,ইন্দ্ৰ ৰানা মাগাৰ,কনথৌজাম কোৰৌ মেইটেই,এম ডি আইমান বিন,লুমছাংজুৱেলা,শুভম পুনিয়া আৰু যুমনাম মালদিনো সিং।
মিডফিল্ডাৰ- আব্ৰাৰ আলী বাবা,ডাল্লালমুওন গাংটে,থাংগৌমাং টৌথাং,থকচোম ডাইমণ্ড সিং,ৱাংখেম ডেনি সিং আৰু য়েংখম নীতিশকুমাৰ মেইটেই।
ফৰৱাৰ্ড- আজিম পাৰবীজ নাছাৰ,আজমল শ্বাহ খ,গুনলেইবা ৱাংখেইৰকপাম,হৃষিকেশ চৰণ মনৱতী,কামগৌহাও ডুংগেল,লেছভিন ৰেবেলা আৰু অসমৰ ৰহন আহমেদ।
Post a Comment