
ফটো ক্ৰেডিট-ইণ্ডিয়াস্পৰ্টছহাব
কলম্বোত ভাৰতৰ ৬ গল

আজি ভাৰত আৰু মালদ্বীপ মাজত অনুস্থিত SAFF U17 ফুটবল প্ৰতিযোগিতাৰ খেলখন ভাৰতে ৬-০ গলত মালদ্বীপক ধাৰাশায়ী কৰে।
২০২৫ চনৰ প্ৰতিযোগিতা খনৰ ভাৰতৰ প্ৰথম মেছতেই এনে বিজয়ে পূৰ্বৰ গৌৰৱ অক্ষুন্ন ৰখাৰ ইংগিত।
উল্লেখযোগ্য যে উদয়ীমান ভাৰতীয় দলে প্ৰতিযোগিতা খনত ইতিমধ্যেই ৬ বাৰৰ চেম্পিয়ন হোৱাৰ গৌৰৱ অৰ্জন কৰিছে।
খেলখনৰ প্ৰথম গ'লটো দল্ললমুওন গাংটেই দিয়াৰ বিপৰীত অন্তিম ৬ নম্বৰৰ গ'লটো দিয়ে অতিৰিক্ত খেলুৱৈ আজিম পাৰভেজ নজৰে।
এই বিজয়ে ভাৰতে ২ পইণ্ট লাভ কৰে।
অহা ১৯ চেপ্তেম্বৰত ডেনি বাহিনীয়ে ভূটানৰ বিৰুধ্যে প্ৰতিযোগিতা খনৰ দ্বিতীয় মেছখন খেলিব।
আজি খেলা ভাৰতীয় দলটো হৈছে-
ডেনি সিং ৱাংখেম(অধিনায়ক),মানশজ্যোতি বৰুৱা(গ'লকীপাৰ),মালদিনো সিং যুমনাম,দল্ললমুওন গাংটে,শুভম পুনিয়া,হৃষিকেশ চৰন মনৱতী,হাউলুংগৌ মেইটে,ৱাংখেইৰকপাম গুণলেইবা,কামগৌহাও ডুংগেল,থাংগগৌমাং টৌথাং আৰু কনথৌজাম কোৰৌ মেইটেই।
(খবৰ-আউটলুকইণ্ডিয়া)
Post a Comment