Top News

চি পি ৰাধাকৃষ্ণন ভাৰতৰ নতুন উপ-ৰাষ্ট্ৰপতি

 
চি-পি-ৰাধাকৃষ্ণন-ভাৰতৰ-নতুন-উপ-ৰাষ্ট্ৰপতি
ফটো-ইণ্ডিয়ান এস্কপ্ৰেছ


চি পি ৰাধাকৃষ্ণন ভাৰতৰ নতুন উপ-ৰাষ্ট্ৰপতি


যোৱাকালি হৈ যোৱা উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত বিজয়ী হৈ চি পি ৰাধাকৃষ্ণন ডাঙৰীয়া ভাৰতৰ নতুন উপ-ৰাষ্ট্ৰপতি হ'য়।

এডিএৰ প্ৰাৰ্থী ৰূপে নিৰ্বাচনত প্ৰতিদণ্ডিতা কৰি ৰাধাকৃষ্ণন ডাঙৰীয়াই ইণ্ডিয়া ব্লকৰ প্ৰাৰ্থী বি সুদৰ্শন ডাঙৰীয়াক পৰাজিত কৰি বিজয়ী হ'য়।

এইবাৰৰ নিৰ্বাচনত মুঠ ৭৫৪ টা ভোটৰ ৪৫২ টা ভোট পোৱাৰ বিপৰীতে ৰেড্ডী ডাঙৰীয়াই ৩০০ টা ভোট লাভ কৰে।

তাৰ বিপৰীতে এনে গুৰুত্বপূৰ্ণ নিৰ্বাচনত ১৫ টা ভোট নাকছ হোৱা বুলি সংবাদ মাধ্যমত প্ৰকাশ।

১৯৫৭ চনৰ ৪ মেত তামিলনাডুৰ তিৰুপুৰত জন্মগ্ৰহণ কৰা ৬৮ বছৰীয়া চন্দ্ৰপুৰম পন্নুস্বামী ৰাধাকৃষ্ণন ডাঙৰীয়াই অহা ১২ চেপ্তেম্বৰত উপ-ৰাষ্ট্ৰপতি ৰূপে দায়িত্বভাৰ গ্ৰহণ কৰিব।

উল্লেখযোগ্য যে ইয়াৰ আগতে ৰাধাকৃষ্ণন ডাঙৰীয়াই ২০২৪ চনৰ জুলাই মাহৰ পৰা চলিত মাহলৈকে মহাৰাষ্ট্ৰৰ ৰাজ্যপাল হিচাপে কাৰ্যভাৰ চলাই আছিল।

Post a Comment

Previous Post Next Post