ফটো-পিআইবি
কৃষি সবলীকৰণ: পিএম-ডিডিকেৱাই আৰু আতমনিৰ্ভৰ শস্য অভিযান মুকলি প্ৰধানমন্ত্ৰীৰ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি নতুন দিল্লীত কৃষিক্ষেত্ৰত সহজ আৰু সৰ্বাংগীন উন্নতিৰ বাবে প্ৰধানমন্ত্ৰী ধন ধান কৃষি যোজনা (পিএম-ডিডিকেৱাই) আৰু শস্য আত্মনিৰ্ভৰ মিছন আৰম্ভ কৰে।
কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ৰাজীৱ ৰঞ্জন সিঙে উল্লেখ কৰে যে উদ্ভাৱন আৰু অভিসৰণৰ দ্বাৰা সমৰ্থিত এই পদক্ষেপসমূহৰ লক্ষ্য হৈছে কৃষিক দেশৰ জিলাসমূহত ৰূপান্তৰ ঘটোয়া। প্ৰধানমন্ত্ৰীয়ে পশুপালন আৰু মীন খণ্ডত মুঠ ১৮০০ কোটি টকাতকৈ অধিক মূল্যৰ একাধিক প্ৰকল্পৰো আজি শুভাৰম্ভ আৰু আধাৰশিলা স্থাপন কৰে।
২০১৯ চনত স্থাপিত মীন, পশুপালন আৰু দুগ্ধ মন্ত্ৰালয়ে এই খণ্ডসমূহৰ উন্নয়ন ত্বৰান্বিত কৰি ১০ কোটিৰো অধিক জীৱিকাৰ সহায় আগবঢ়াইছে আৰু দুগ্ধ উদ্যোগৰ কৰ্মশক্তিৰ ৭০%তকৈ অধিক মহিলাই ইয়াৰ সুবিধা লাভ কৰিছে।

পিএমএমএছৱাই আৰু এফআইডিএফৰ দৰে আঁচনিৰ দ্বাৰা শক্তিশালী কৰা মৎস্য খণ্ডত ভাৰতৰ মাছ উৎপাদন ২০১৩-১৪ চনত ৯৬ লাখ টনৰ পৰা ২০২৪-২৫ চনত ১৯৫ লাখ টনলৈ দুগুণ হৈ পৰিছে, যাৰ ফলত ভাৰত বিশ্বৰ ভিতৰতে দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে।
দুগ্ধ আৰু পশুপালন খণ্ডত গাখীৰৰ উৎপাদন ৬৩% (২০১৪-১৫ আৰু ২০২৪-২৫ চনৰ ভিতৰত ১৪৬ৰ পৰা ২৩৯ মিলিয়ন টন) বৃদ্ধি পাইছে আৰু ভাৰতে এই খণ্ডত বিশ্বজুৰি প্ৰথম স্থান লাভ কৰিছে। ৰোগৰ বিৰুদ্ধে টিকাকৰণৰ অভিযানৰ সহায়ত পশুধনৰ উৎপাদনশীলতা ২৫%তকৈ অধিক বৃদ্ধি পাইছে যিয়ে কিছুমান ৰাজ্যক এফএমডিমুক্ত অৱস্থাৰ দিশত আগবাঢ়ি যোৱাত সহায় কৰিছে।
পিএম-ডিডিকেৱাই কৃষকৰ আয় বৃদ্ধি, গ্ৰাম্য অৰ্থনীতি বৃদ্ধি আৰু মীন, পশুপালন, আৰু দুগ্ধ খণ্ডক আত্মনিৰ্ভৰ ভাৰতৰ স্তম্ভ হিচাপে গঢ়ি তোলাৰ ই এক জলন্ত উদাহৰণত পৰিনত হৈছে আৰু প্ৰযুক্তি, জীৱিকা, আৰু পুষ্টিৰ ওপৰতো অধিক গুৰুত্ব আৰোপ কৰা হৈছে বুলি পিআইবিৰ সূত্ৰত প্ৰকাশ।

Post a Comment