Top News

কলিয়াবৰ-নুমলীগড় ৰাষ্ট্ৰীয় ঘাইপথ পুনৰ নিৰ্মানত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন

কলিয়াবৰ-নুমলীগড়-ৰাষ্ট্ৰীয়-ঘাইপথ-পুনৰ-নিৰ্মানত-কেন্দ্ৰীয়-চৰকাৰৰ-অনুমোদন
ফটো ক্ৰেডিট-কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান


কলিয়াবৰ-নুমলীগড় ৰাষ্ট্ৰীয় ঘাইপথ পুনৰ নিৰ্মানত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন


ভাৰত চৰকাৰে যোৱা ১ আগষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথ ৭১৫ নং কলিয়াবৰ-নুমলীগড় অংশৰ পুনৰ নিৰ্মানৰ বাবে এক বৃহৎ আন্তঃগাঁথনি প্ৰকল্পত অনুমোদন জনাইছে যিটোৰ আনুমানিক ব্যয় হ’ব ৬,৯৫৭ কোটি টকা।

প্ৰকল্পটোৰ উদ্দেশ্য  হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অঞ্চলৰ বন্যপ্ৰাণী সংৰক্ষণৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি ৮৫.৬৭৫ কিলোমিটাৰ দৈৰ্ঘ্যত বৰ্তমানৰ ২ লেনযুক্ত ঘাইপথটো ৪ লেনযুক্ত ঘাইপথলৈ উন্নীত কৰা।

প্ৰকল্পটোৰ এটা মূল বৈশিষ্ট্য হৈছে ৰাষ্ট্ৰীয় উদ্যানখনৰ মাজেৰে ৩৪.৫ কিলোমিটাৰ ওখ কৰিড’ৰ নিৰ্মান যাৰ ফলত গঁড়, বাঘ, হাতী আদি জীৱ-জন্তুৰ নিৰাপদে ইপাৰ-সিপাৰ কৰিব পাৰিব, যাৰ ফলত বিশেষকৈ বাৰিষাৰ সময়ত মানুহ-বন্যপ্ৰাণীৰ সংঘাত হ্ৰাস পাব।

তাৰোপৰি এই প্ৰকল্পৰ অন্তৰ্গত জাখলাবন্ধা আৰু বোকাখাতত ২১ কিলোমিটাৰ গ্ৰীণফিল্ড বাইপাছ দুটা নিৰ্মান কৰা হ'ব।

পৰিৱেশগত লাভা-লাভৰ উপৰিও এই প্ৰকল্পটোৱে আঞ্চলটোৰ অৰ্থনীতি আৰু পৰ্যটনক ক্ষেত্ৰক লাভাম্বিত কৰিব বুলি আশা কৰা হৈছে। ইয়াৰ জৰিয়তে গুৱাহাটী, নগাঁও, গোলাঘাট আৰু যোৰহাটৰ লগত সংযোগ সুছল হৈ পৰাৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, দেওপহাৰ প্ৰত্নতাত্ত্বিক স্থান আৰু ইয়াৰ ওচৰৰ বিভিন্ন মন্দিৰৰ দৰে পৰ্যটনস্থলীলৈ সুচল প্ৰৱেশৰ সুবিধা প্ৰদান কৰিব।

এই প্ৰকল্পৰ জৰিয়তে বিশেষভাৱে কাৰ্বি আংলং আৰু বোখাৰ জনজাতীয় অঞ্চলসমূহ উপকৃত হোৱাৰ লগতে উল্লেখযোগ্য প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব বুলিও আশা কৰা হৈছে।

আন্তঃগাঁথনি উন্নয়নৰ জৰিয়তে পৰিৱেশ সুৰক্ষাক একাকাৰ কৰি এই প্ৰকল্পৰ অন্যতম লক্ষ্য হৈছে অসমক অৰ্থনৈতিক দিশত এধাপ আগুৱাই নি এক সুকীয়া স্থান দিয়া।

Post a Comment

Previous Post Next Post