মূখ্যমন্ত্ৰীৰ বাগিচাৰ শ্ৰমিকক ভূমিৰ মালিকীস্বত্ব প্ৰদানৰ ইংগিত

গুৱাহাটী,২০ অক্টোবৰ: প্ৰায় এক লাখৰো অধিক চাহ বাগিচাৰ শ্ৰমিকৰ জীৱন স্বচ্চল কৰিব পৰা এক গুৰুত্বপূৰ্ণ পদক্ষেপৰ বিষয়ে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ঘোষণা কৰে যে ৰাজ্য চৰকাৰে শীঘ্ৰেই চাহ বাগিচাত যুগ যুগ ধৰি বসবাস কৰি অহা শ্ৰমিকসকলৰ হাতলৈ মাটি হস্তান্তৰ কৰাৰ এক ঐতিহাসিক বিধেয়ক অসম বিধান সভাত উৎথাপন কৰিব।
আজি অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ১৯ সংখ্যক দ্বিবাৰ্ষিক সন্মিলনত ভাষণ দি মুখ্যমন্ত্ৰীগৰাকীয়ে এই পদক্ষেপক “অসমৰ চাহ জনগোষ্ঠীৰ বাবে ন্যায় আৰু মৰ্যাদাৰ দিশত বহুদিনীয়া পদক্ষেপ”ৰ ফলাফল বুলি অভিহিত কৰে।
অসমৰ সামাজিক আৰু অৰ্থনৈতিক ইতিহাসৰ এক এইতিহাসিক মুহূৰ্ত বুলি কৈ অহা ২৫ নৱেম্বৰত অসম বিধানসভাত বিধেয়কখন দাখিল কৰা হ’ব বুলি ড° শৰ্মাই নিশ্চয়তা দিয়ে।
মুখ্যমন্ত্ৰী ডাঙৰীয়াই কয়, ‘দুই শতিকাতকৈও অধিক সময় ধৰি আমাৰ চাহ বাগিচাৰ শ্ৰমিকসকলে নিজৰ কঠোৰ পৰিশ্ৰম আৰু পৰিচয়েৰে অসমৰ পৰিচয় গঢ়ি তুলিছে।তেওঁলোকে বাস কৰা ঠাইত স্থায়ী মাটিৰ মালিক আৰু পৰিয়াল সুচল ভাৱে পোহপাল দিয়াৰ সময় সমাগত।
অসমৰ লাখ লাখ চাহ শ্ৰমিকে বাগিচাৰ ভিতৰত সৰু সৰু জুপুৰি ঘৰত,নিজা ঘৰ বুলি কোৱা মাটিৰ কোনো আইনী অধিকাৰ নোহোৱাকৈ দশক দশক ধৰি বাস কৰি আছে। অথচ ভাৰতৰ অন্যতম চহকী উদ্যোগটোত তেওঁলোকৰ অৱদান থকাৰ পাছতো বেছিভাগ পৰিয়ালেই প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি এতিয়াও ভূমিহীন হৈয়েই আছে।
নতুন অসম ভূমি মালিকীস্বত্ব বিধেয়কখনে চাহ বাগিচাৰ শ্ৰমিকসকলক তেওঁলোকৰ বৰ্তমানৰ আৱাসিক প্লটৰ বাবে আইনী চিনাকি প্ৰদান কৰি অন্যায়ৰ অন্ত পেলোৱাৰ লক্ষ্য লৈছে। এই পদক্ষেপে হাজাৰ হাজাৰ পৰিয়ালক স্থায়ী নিৰাপত্তা, সামাজিক উত্থান আৰু আৰ্থিক সুচলতা প্ৰদান কৰিব বুলি আশা কৰা হৈছে।
ড° শৰ্মাই কয়, “এজন চাহ শ্ৰমিকৰ জীৱন সুৰক্ষিত হ’ব নোৱাৰে যেতিয়ালৈকে তেওঁলোকে নিজৰ মাটিৰ মালিক নহয়।এই পদক্ষেপে তেওঁলোকক পৰিচয়, সন্মান, আৰু অনিশ্চয়তাৰ পৰা মুক্ত কৰিব।”
তাৰোপৰি চৰকাৰে চাহ জনগোষ্ঠীৰ বাবে ৰাজ্য চৰকাৰী সেৱাত ৩% চাকৰি সংৰক্ষণৰ অনুমোদন জনাইছে বুলি মূখ্যমন্ত্ৰী ডাঙৰীয়াই আজিৰ সন্মিলনত ঘোষণা কৰে।
এই কোটা অসম অসামৰিক সেৱা (এচিএছ), অসম আৰক্ষী সেৱা (এপিএছ), অন্যান্য প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ পদকে ধৰি গুৰুত্বপূৰ্ণ নিযুক্তি প্ৰক্ৰিয়াত কাৰ্যকৰী কৰা হ’ব।
চাহ খেতি কৰা অঞ্চলসমূহত প্ৰশাসনক অধিক শক্তিশালী কৰিবলৈ ৰাজ্যখনে নিবেদিত দণ্ডাধীশ আৰু আৰক্ষী বিষয়াৰ পদো সৃষ্টি কৰি দুৰ্গম অঞ্চলসমূহলৈ উন্নত শাসন, সুৰক্ষা আৰু চৰকাৰী সেৱাৰ সুলভতা নিশ্চিত কৰাৰ ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰিব।
উল্লেখযোগ্য যে অসমৰ চাহ বাগিচাসমূহত দহ লাখতকৈও অধিক শ্ৰমিকৰ বাসস্থান, ইয়াৰে বহুতৰে শিপা ব্ৰিটিছ ঔপনিৱেশিক কালত মধ্য ভাৰতৰ পৰা অনা শ্ৰমিকৰ পৰাই আৰম্ভ হৈছে। যি সকলে এতিয়া অসমৰ বিশ্ব চাহ খ্যাতিৰ মেৰুদণ্ড ধৰি আছে যদিও ঐতিহাসিকভাৱে সামাজিক প্ৰান্তীয়কৰণ, অৰ্থনৈতিক দূৰ্দশাগ্ৰস্থতা আৰু ৰাজনৈতিক প্ৰতিনিধিত্বৰ অভাৱৰ সন্মুখীন হৈ আহিছে।
আগন্তুক বিধেয়কখন এক যুগান্তকাৰী সংস্কাৰ হিচাপে দেখা গৈছে যিয়ে চাহ বাগিচা আৰু তেওঁলোকৰ শ্ৰমিকৰ মাজৰ সম্পৰ্কক পুনৰ সংজ্ঞায়িত কৰিব পাৰে অৰ্থাৎ ভাড়াতীয়াক মালিকলৈ ৰূপান্তৰিত কৰা আৰু বহুদিনৰ পৰা অস্বীকাৰ কৰা মৰ্যাদা পুনৰুদ্ধাৰ কৰাব পাৰে।
বিশেষজ্ঞসকলৰ মতে এই পদক্ষেপে গ্ৰাম্য উন্নয়নত সহায় কৰিব, সাক্ষৰতা আৰু গৃহৰ অৱস্থা উন্নত কৰিব আৰু চাহ জনগোষ্ঠীসমূহক অসমৰ মূলসুঁতিৰ বৃদ্ধিৰ সৈতে অধিক শক্তিশালীভাৱে একত্ৰিত হোৱাত সহায় কৰিব।
“এয়া কেৱল চৰকাৰী সিদ্ধান্ত নহয় - অসমৰ চাহৰ উত্তৰাধিকাৰ গঢ় দিয়াসকলৰ বাবে ই সমতা আৰু কৃতজ্ঞতাৰ প্ৰতিশ্ৰুতি,” শৰ্মাই দৃঢ়তাৰে কয়।
সামাজিক ন্যায়ৰ বাবে এক ঐতিহাসিক পদক্ষেপক ৰাজনৈতিক, সামাজিক আৰু শৈক্ষিক মহলত এই পদক্ষেপক বহুলভাৱে আদৰণি জনোৱা হৈছে।

বিশ্লেষকসকলে কয় যে চাহ বাগিচাৰ শ্ৰমিকসকললৈ ভূমিৰ অধিকাৰ হস্তান্তৰ কৰিলে ভৱিষ্যত প্ৰজন্মক শক্তিশালী কৰিব পৰা যাব, শিক্ষা, গৃহ ঋণ আৰু উৰ্ধমুখী গতিশীলতাৰ সুযোগো নিশ্চিত হ’ব পাৰে।
২৫ নৱেম্বৰত বিধেয়কখন উৎথাপন হ’বলগীয়া বিধেয়কখন গৃহীত হোৱাৰ লগে লগে চৰকাৰৰ এই পদক্ষেপ অসমৰ আধুনিক ইতিহাসৰ অন্যতম প্ৰভাৱশালী সামাজিক সংস্কাৰ হিচাপে পৰিগণিত হ’ব পৰিব আৰু চাহ জনগোষ্ঠীৰ বাবে সৱলীকৰণ, সন্মান আৰু সৰ্বাংগীনতাৰ প্ৰতীক হৈ ৰ'ব।

Post a Comment