Top News

বাক্সা জেল হিংসাত আহতক মূখ্যমন্ত্ৰীৰ ক্ষতিপুৰণ

বাক্সা-জেল-হিংসাত-আহতক-মূখ্যমন্ত্ৰীৰ-ক্ষতিপুৰণ
ফটো-প্ৰতিদিন সংবাদ


বাক্সা জেল হিংসাত আহতক মূখ্যমন্ত্ৰীৰ ক্ষতিপুৰণ 


যোৱা ১৫ অক্টোবৰত বাক্সা জেলৰ বাহিৰত সংঘটিত হোৱা হিংসাত্মক সংঘৰ্ষৰ পৰিপ্ৰেক্ষিতত সোমবাৰে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই জিলাখনত উপস্থিত হৈ আহতসকলৰ সৈতে ব্যক্তিগতভাৱে সাক্ষাৎ কৰি পৰিস্থিতিৰ বুজ লয়।

মূখ্যমন্ত্ৰীৰ এই ভ্ৰমণৰ লক্ষ্য আছিল ভুক্তভোগীসকলক প্ৰত্যক্ষভাৱে সহায় আগবঢ়োৱা আৰু অনিয়মৰ প্ৰতি অসম চৰকাৰৰ শূন্য সহনশীলতাৰ এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰা।

মুখ্যমন্ত্ৰী ডাঙৰীয়াই উক্ত দিনাণ গুৰুতৰভাৱে আহত হোৱা দুই সাধাৰণ নাগৰিক দিপক মেধি আৰু বিদ্যুৎ কলিতাক সাক্ষাৎ কৰি দুয়োকে ২ লাখ টকাকৈ চেক প্ৰদান কৰে।

তাৰোপৰি আহতসকলৰ চিকিৎসাৰ সকলো খৰচ ৰাজ্য চৰকাৰে বহন কৰাৰ লগতে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক সমুচিত সহায় আগবঢ়াব বুলি আশ্বাস প্ৰদান কৰে মুখ্যমন্ত্ৰী শৰ্মা ডাঙৰীয়াই। তেখেতে অতি গুৰুত্ব সহকাৰে কয় যে আহতসকলৰ কল্যাণ প্ৰশাসনৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ।

যোৱা ১৫ অক্টোবৰত অসমৰ প্ৰিয় শিল্পী জুবিন গাৰ্গৰ  মৃত্যুৰ গোচৰৰ পাঁচজন মূল অভিযুক্তক তীব্ৰ নিৰাপত্তাৰ অধীনত বাক্সা জিলা কাৰাগাৰলৈ নিয়াৰ সময়তে এই হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছিল।

কনভয় আহি পোৱাৰ লগে লগে জেলৰ বাহিৰত প্ৰতিবাদকাৰীৰ দল এটা গোট খাই আৱেগিত আৰক্ষীৰ বাহনসমূহত শিলগুটি নিক্ষেপ কৰাৰ লগতে নিৰাপত্তাৰক্ষীৰ সৈতে পোনপটীয়াকৈ সংঘৰ্ষত লিপ্ত হৈছিল বুলি সংবাদ মাধ্যমত প্ৰচাৰ হৈছিল।

হঠাতে হোৱা এনে ঘটনাত প্ৰায় ২১ জন সাধাৰন লোক আহত হোৱাৰ উপৰিও ১০ জন আৰক্ষী জোৱান আৰু বাতৰি পৰিৱেশন কৰা কেইবাজনো সাংবাদিককে ধৰি দ্বীপক মেধি আৰু বিদ্যুত কলিতা দুয়োজনেই অতি বেয়াকৈ জখম হৈছিল।

পৰিস্থিতি যাতে অধিক ভয়াবহ হৈ নপৰে তাৰ বাবে নিৰাপত্তা বাহিনীয়ে মৃদু শক্তি ব্যৱহাৰ কৰি ভিৰ ছত্ৰভংগ দিবলৈ আৰু আইন শৃংখলা পুনৰুদ্ধাৰ কৰিবলৈ তথা অধিক তীব্ৰতা ৰোধ কৰিবলৈ বাধ্য হৈ পৰিছিল। পাছত অৱশ্যে ঘটনাস্থলীত কেইবাজনো প্ৰতিবাদকাৰীক আটক কৰি ৰখা হৈছে বুলি বিভিন্ন সংবাদ মাধ্যমত বাতৰি প্ৰচাৰ হৈছিল।

সংঘৰ্ষৰ পিছতে সূত্ৰই নিশ্চিত কৰিছে যে অভিযুক্তসকলক জেলৰ ভিতৰত নতুনকৈ গঠিত  কৰা উচ্চস্তৰীয় নিৰাপত্তাৰক্ষী বিভাগলৈ স্থানান্তৰ কৰা হৈছে।

ইফালে কৰ্তৃপক্ষই চোৰাংচোৱাগিৰি বৃদ্ধি কৰাৰ লগতে ভৱিষ্যতে যাতে যি কোনো ধৰণৰ পৰিস্থিতি ৰোধ কৰিবলৈ সকলো নিৰাপত্তা ব্যৱস্থাও পৰ্যালোচনা কৰিছে।

সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰী শৰ্মাই এই ঘটনাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে। তেওঁ শান্তি আৰু ন্যায় বজাই ৰখাৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ়তাৰে উল্লেেখ কৰি কয় যে এনে হিংসাৰ যিকোনো পুনৰাবৃত্তিৰ সৈতে “দৃঢ়তাৰে মোকাবিলা কৰা হ’ব”।

মূখ্যমন্ত্ৰীৰ যোৱাকালিৰ বাক্সা ভ্ৰমণে ভুক্তভোগীসকলৰ প্ৰতি অসম চৰকাৰৰ মমতা আৰু জবাবদিহিতা প্ৰদৰ্শন কৰি অঞ্চলটোত শান্তি ঘূৰাই অনা আৰু একে সময়তে ৰাজ্যৰ সকলো শ্ৰেণীলৈ স্পষ্ট বাৰ্তা যে আইন-শৃংখলা বিশৃংখলত চৰকাৰে কোনো ধৰনৰ সহ্য নকৰিব।

Post a Comment

Previous Post Next Post