Top News

বিটিচিৰ চৰণ বড়োক অসম কেবিনেটত অন্তৰ্ভুক্ত

বিটিচিৰ-চৰণ-বড়োক-অসম-কেবিনেটত-অন্তৰ্ভুক্ত
ফটো-দ্য হিন্দু


বিটিচিৰ চৰণ বড়োক অসম কেবিনেটত অন্তৰ্ভুক্ত


আজি বিটিচিৰ মাজবাট সমষ্টিৰ পৰা নিৰ্বাচিত হৈ অহা শ্ৰী চৰণ বড়োক অসম মন্ত্ৰী সভাৰ কেবিনেট মন্ত্ৰী হিচাপে গুৱাহাটীৰ ৰাজ ভৱনত কৰোৱাই অসমৰ ৰাজ্যপাল শ্ৰীযুত লক্ষ্মন প্ৰসাদ আচাৰ্য্য ডাঙৰীয়াই।

সদ্য ঘোষিত বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল(বিটিচি)ৰ বড়ো পিপলছ ফণ্ট(বিপিএফ)য়ে একক সংখ্যা গৰিষ্ঠতাৰে বড়ো ভূমিত বিটিচি চৰকাৰ গঠন কৰাৰ পাছত চৰকাৰ খনে বিজেপি নেত্ৰিতাধীন অসম চৰকাৰত যোগ দিয়ে।

ইয়াৰ ফলশ্ৰুতিতেই বিপিএফে বিজেপিৰ তিনিজন সদস্যক বিপিএফ চৰকাৰত অন্তৰ্ভুক্তি কৰিব বুলি বিপিএফৰ মূৰব্বী শ্ৰী হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই আজি সংবাদ মাধ্যমত সদৰি কৰে।

মহিলাৰী ডাঙৰীয়াই সমস্যা জৰ্জৰ বিটিচিৰ উন্নয়নৰ স্বাৰ্থতেই এনডিৰ অসম চৰকাৰৰ লগ হৈছে বুলি একেখন সংবাম যোগেই জানিবলৈ দিয়ে।

Post a Comment

Previous Post Next Post