
ফটো ক্ৰেডিট-এনডিটিভি
“Bharat Taxi” : ভাৰতৰ প্ৰথম সমবায় টেক্সি সেৱা, য’ত চালক হ’ব নিজেই মালিক !

থুৰতে: যানবাহন জগতত এক ঐতিহাসিক অধ্যায় আৰম্ভ হ’বলৈ লৈছে - “Bharat Taxi”, ভাৰতৰ প্ৰথম সমবায় টেক্সি সেৱা। এই উদ্যোগৰ মূল লক্ষ্য হৈছে, চালকক নিজৰ কামৰ সপূৰ্ণ গৰাকী কৰি তোলা আৰু যাত্রীক সৰল, স্বচ্ছ ও অভিযোগমুক্ত যাত্ৰাৰ বিৰল অনুভৱ।
এই পৰিকল্পনা যুগুত কৰিছে কেন্দ্ৰীয় সহযোগিতা মন্ত্ৰালয় আৰু National e-Governance Division (NeGD)য়ে, যিটোৰ পৰিচালনাৰ দ্বায়িত্বত আছে “Sahakar Taxi Cooperative Ltd”।
পিছে ই Ola,Uberতকৈ কেনেকৈ পৃথক Bharat Taxi ?
কমিশন নাই
Ola, Uber বা আন ব্যক্তিগত সেৱাসমূহত ড্ৰাইভাৰসকলে ২৫% অধিক কমিশন দিবলৈ বাধ্য হ'ব লগীয়া । Bharat Taxi ত এনে কোনো কমিশন নাই - কেৱল এক সদস্যতা মূলক মাছুল (দৈনিক, সাপ্তাহিক বা মাহেকত) দিলেই উক্ত অনুষ্ঠানটোৰ সদস্য হ’ব পাৰিব।
চালকৰ সম্পূৰ্ণ আয়
প্ৰতিটো যাত্ৰাৰ ভাড়া সম্পূৰ্ণ হাতলৈ আহিব আৰু ইয়াত কোনো মধ্যভূগিৰ ৰাষ্টা নাই যাৰ ফলত চালকে নিজে নিজৰ আর্থিক স্বাধীনতা লাভ কৰিব।
যাত্ৰীৰ বিশ্বাসযোগ্যতা
👉জুৰজুলুম ভাড়া নাথাকিব
👉ভাড়া কেন্সেল কৰা সহজ হব
👉গাড়ীৰ স্বচ্ছতা ও মান নিয়মিত ভাৱে পৰীক্ষা কৰা হব
👉চৰকাৰী ভাৱে নিৰ্ধাৰন কৰা ভাড়া লাঘৱ হব
সহকাৰীতাৰ নতুন ৰূপান্তৰ
ভাৰত টেস্কি “Sahakar Taxi Cooperative Ltd” ৰ অধীনত চলিব যাৰ প্ৰাৰম্ভিক মূলধন ৩০০ কোটি বুলি বিভিন্ন ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে।
Bhart Taxiৰ গভৰ্ণিং বৰ্ডৰ সভাপতি জায়েন মেহতা(জিচিএমএমএফ) আৰু উপ-সভাপতি ৰোহিত গুপ্তা(এনচিডিচি)ক হিচাপে দ্বায়িত্ব দিয়া হৈছে।
আৰম্ভনিৰ সময়সূচী ও পাইলট প্ৰজেক্ট
অহা নবেম্বৰ মাহত ৬৫০ খন গাড়ী তথা চালকৰ সৈতে দিল্লীত Bharat Taxi সুচল যাতায়ত ব্যৱস্থাৰ আৰম্ভনি কৰাৰ লগতে ডিচেম্বৰত ভাৰতৰ ২০ খন চহৰত ৫ হাজাৰৰো অধিক Bharat Taxi চলোৱাৰ সংকল্প লৈ ২০৩০ৰ ভিতৰত ২০ লাখ গাড়ী চলাব বুলি বাতৰিত প্ৰকাশ।
কেন্দ্ৰীয় সহযোগিতা মন্ত্ৰালয়ৰ মতে - Bharat Taxi “ড্ৰাইভাৰ-কেন্দ্ৰিক ডিজিটেল সহকাৰী আন্দোলন”ৰ প্ৰথম ক্ষেপ।
মুঠতে Bharat Taxiয়ে ভাৰতীয় যানবাহন সেৱাত এক নতুন বিপ্লৱ আনিব বুলি ধাৰনা কৰা হৈছে ।
ইয়াত চালক মালিক, সঠিক ভাড়া আৰু নিয়ন্ত্ৰণ আদি সকলো চালকৰ হাতত যি গ্ৰাম্য অৰ্থনীতিক সৱল কৰিব বুলি গন্য কৰা হৈছে।
2030লৈ লক্ষ্যঃ
- ১ লক্ষ চালকক সহযোগিতাৰ আওতালৈ অনাৰ ব্যৱস্থা
- প্রত্যেক জিলা মুখ্য মহকুমা ও গ্ৰামাঞ্চললৈ ইয়াৰ প্ৰসাৰ
- স্থানীয় অৰ্থনীতি, হাজিৰা কৰা লোক আৰু মহিলা চালকৰ অংশগ্ৰহণ বৃদ্ধি কৰাৰ লক্ষ্য
অসম ও উত্তৰ-পূৰ্বাঞ্চলত ইয়াৰ প্ৰভাৱ
- অসমত এই সহকাৰী মডেল সাধাৰন কৰ্মী আৰু যুৱ সমাজৰ মাজত এক নতুন আশা জগাব।
- গাড়ী চালক নিজেই মালিক হ’ব লাগিব নিজৰ উপাৰ্জন নিজেই চাব লাগিব ইয়াত কাৰো নিয়ন্ত্ৰণ নাথাকিব।
- যাত্ৰীৰ বাবেও ভাড়া স্পষ্ট ও বিশ্বাসযোগ্য হ’ব।
কেন্দ্ৰীয় চৰকাৰৰ দীর্ঘম্যাদী আঁচনি
কেন্দ্ৰীয় সহযোগিতা মন্ত্ৰালয়ৰ মতে - Bharat Taxi “ড্ৰাইভাৰ-কেন্দ্ৰিক ডিজিটেল সহকাৰী আন্দোলন”ৰ প্ৰথম ক্ষেপ।
মুঠতে Bharat Taxiয়ে ভাৰতীয় যানবাহন সেৱাত এক নতুন বিপ্লৱ আনিব বুলি ধাৰনা কৰা হৈছে ।
ইয়াত চালক মালিক, সঠিক ভাড়া আৰু নিয়ন্ত্ৰণ আদি সকলো চালকৰ হাতত যি গ্ৰাম্য অৰ্থনীতিক সৱল কৰিব বুলি গন্য কৰা হৈছে।
Post a Comment