
ফটো-প্ৰতিদিন সংবাদ
চি পি ৰাধাকৃষ্ণণৰ উপ-ৰাষ্ট্ৰপতি ৰূপে শপত গ্ৰহণ

আজি পুৱা প্ৰায় ১০ বজাত চি পি ৰাধাকৃষ্ণণ ডাঙৰীয়াই ভাৰতৰ ১৫ তম উপ-ৰাষ্ট্ৰপতি ৰূপে শপত গ্ৰহণ কৰে।
মাননীয় ৰাধাকৃষ্ণণ ডাঙৰীয়াক শপত বাক্য পঢ়োৱাই সন্মানীয়া ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানীয়ে।
শ্ৰী চন্দ্ৰপুৰম পন্নুস্বামী ৰাধাকৃষ্ণণ ডাঙৰীয়াৰ শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগতে গৃহমন্ত্ৰী,ৰক্ষামন্ত্ৰী,জে পি নড্ডা,লোকসভাৰ অধ্যক্ষৰ উপৰিও শ্ৰী জগদ্বীপ ধনখড়ৰ লগতে প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি সকল।
উল্লেখযোগ্য যে যোৱা ২১ জুলাইত স্বাস্থ্যজনিত জগদ্বীপ ধনখড় ডাঙৰীয়াই অব্যাহতি লোৱাত ৯ চেপ্তেম্বৰত উপ ৰাষ্ট্ৰপতি নিৰ্বাচন অনুস্থিত হৈছিল।
যোৱা ৯ চেপ্তেম্বৰৰ সন্ধিয়া ওলোৱা ফলাফলত ৰাধাকৃষ্ণণ ডাঙৰীয়াই তেওঁৰ একমাত্ৰ ইণ্ডিয়া গোটৰ প্ৰতিদণ্ডী বি সুদৰ্শন ৰেড্ডী ডাঙৰীয়াক ১৫২ ভোটত পৰাজিত কৰি ভাৰতৰ উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছিল।
Post a Comment