Top News

"চ'লো জীতে হ্যে" চিনেমা বিদ্যালয়ত

চলো-জীতে-হ্যে-চিনেমা-বিদ্যালয়ত
ফটো ক্ৰেডিট-হ'টষ্টাৰ ও নিউজডেইলী



"চ'লো জীতে হ্যে" চিনেমা বিদ্যালয়ত


আজিৰ পৰা ২ অক্টোবৰলৈকে "চ'লো জীতে হ্যে" চিনেমা খন বিদ্যালয়ত প্ৰদৰ্শন কৰাবলৈ বিদ্যালয় সমূহক কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি।

ইয়াৰোপৰি কেন্দ্ৰীয় চৰকাৰেও আজি একেধৰনৰ নিৰ্দেশনা যোগে কয় "এই ছবিখনে শিশুসকলৰ চৰিত্ৰ গঠন,সেৱা আৰু দায়িত্বৰ বিষয়ে জ্ঞান দিব। সামাজিক-মনোবৈজ্ঞানিক শিক্ষা,সহানুভূতি,আত্মচিন্তাতো সহায় কৰিব।"

উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ শৈশৱ ওপৰত নিৰ্মিত ছবিখনে ইতিমধ্যেই নন-ফিচাৰ ফ্লিমৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে।

সেইয়েহে কেন্দ্ৰীয় চৰকাৰ আৰু কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ৭৫ বছৰীয়া জন্মদিন উপলক্ষে প্ৰধানমন্ত্ৰী গৰাকীক অধিক জীৱন্ত কৰাৰ উদ্দেশ্যে এই ব্যৱস্থা গ্ৰহণ কৰিছে।

তাৰবাবেই মোদী ডাঙৰীয়াই নিজেই সৰুতে পঢ়া গুজৰাটৰ "বদনগৰ বাৰ্নাকুলাৰ" বিদ্যালয়ৰ পৰাই "প্ৰেৰণা" নামৰ আঁচনিৰ যোগেদি "চ'লো জীতে হ্যে" ছবিখন বিদ্যালয় সমূহত আজি প্ৰদৰ্শন কৰাৰ আৰম্ভ কৰে শিক্ষা বিভাগে।













Post a Comment

Previous Post Next Post