Top News

দূৰ্গাপূজা সমিতি সমূহলৈ প্ৰশাসনৰ নিৰ্দেশনা

দূৰ্গাপূজা-সমিতি-সমূহলৈ-প্ৰশাসনৰ-নিৰ্দেশনা
ফটো ক্ৰেডিট-নিউজ১৮



দূৰ্গাপূজা সমিতি সমূহলৈ প্ৰশাসনৰ নিৰ্দেশনা


আগন্তুক ২৮ চেপ্তেম্বৰ পৰা ২ অক্টোবৰ পয্যন্ত শাৰদীয় দূৰ্গাপূজা উপলক্ষে জিলা প্ৰশাসনৰ তৰফৰ পৰা পূজা সমিতি সমূহলৈ কেতবোৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰী কৰিছে বুলি সংবাদ মাধ্যমত প্ৰকাশ।

সেই অনুসৰি দূৰ্গপূজা সমিতি সমূহে ৰাজহুৱা স্থানত পূজা পাতিবলৈ আগতিয়াকৈ প্ৰশাসনৰ অনুমতি ল'ব লাগিব।

তাৰোপৰি দিব লাগিব-


  • দূৰ্ঘটনা প্ৰতিৰোধৰ প্ৰমাণ পত্ৰ

  • বৈদ্যোতিক সংযোগৰ প্ৰমাণ পত্ৰ

  • শব্দ ব্যৱস্থাৰ ফিটনেছ প্ৰমাণ পত্ৰ

  • স্বেস্বাসেৱকৰ তালিকা আগতিয়াকৈ প্ৰশানক দিব লাগিব।

ইয়াৰোপৰি মানিব লাগিব-


  • পৰিস্কাৰ পৰিচন্নতাৰ নিয়ম

  • যান-বাহন নিয়ম

  • জৰুকালীন চিকিৎসা ব্যৱস্থাৰ নিয়ম

  • অগ্নিনিৰ্বাপক ব্যৱস্থাৰ সজুলি থকাৰ লগতে ইয়াৰ নিয়ম সমূহ

  • পূজা মণ্ডপৰ আশে পাশে মাদক দব্য নিষিদ্ধ অঞ্চল বুলি লিখা ফলক লগাব লাগিব

  • মূৰ্তি বিসৰ্জনৰ প্ৰশাসনৰ নিয়ম

নোৱাৰিব-


  • জবৰদস্তি বৰঙণি তোলা

  • ১০০ মিটাৰৰ ভিতৰত পাৰ্কিঙৰ ব্যৱস্থা

  • ফটকা ফুটোৱা

  • শোভাযাত্ৰা কৰা ইত্যাদি।

ইয়াৰোপৰি দূৰ্গাপূজাৰ লগতে অহা ৩০ চেপ্তেম্বৰত গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত ২০২৫ চনৰ মহিলা বিশ্বকাপৰ ভাৰত-শ্ৰীলংকাৰ মাজত অনুস্থিত হ'ব লগীয়া উদ্ধোধনী মেছখনৰ শৃংখলা বদ্ধতাক লৈও কামৰূপ মহানগৰ জিলা আয়ক্তই বৰ্ষাপাৰাৰ কাষৰ পূজা সমিতি সমূহক ইতিমধ্যে  নিদিষ্ট নিৰ্দেশনা দি থৈছেই।

Post a Comment

Previous Post Next Post