
ফটো-হিন্দুস্তান টাইমছ
অহাকালি কামৰূপ মহানগৰ জিলা বন্ধ

অহাকালি সদ্য প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ সোনাপুৰত হ'ব লগীয়া অন্ত্যেষ্টিকিয়াৰ বাবে কামৰূপ মহানগৰ জিলা বন্ধ দিয়া হৈছে।
সংবাদ মাধ্যমৰ আগত আজি মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে কামৰূপ মহানগৰ জিলা বন্ধ দিয়াৰ লগতে অসমৰ সকলো বিদ্যালয় মহাবিদ্যালয়ো বন্ধ থাকিব।
জুবিন গাৰ্গৰ নশ্বৰ দেহ পুৱা ৭-৮ বজাৰ ভিতৰত সৰুসজাই পৰা শোভাযাত্ৰাৰে সোনাপুৰৰ হাতীমূৰাত প্ৰস্তুক কৰি উলিওৱা স্থানলৈ লৈ যোৱা হ'ব।
অসমৰ মৰমিয়াল শিল্লী জনক সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যদাৰে হাতীমূৰাত বিদায় হ'ব বুলি মূখ্যমন্ত্ৰীয়ে আজি ঘোষণা কৰে।
যান-যটৰ সময্যালৈ চাই উজনি অসমৰ পৰা অহা যান-বাহন সমূহক জাগীৰোডতে ৰখোৱা হ'ব আৰু ৫ ঘণ্টা ধৰি গুৱাহাটী সোনাপুৰ পথচোৱা বাহন চলাচল বাৰন কৰিছে বুলি ড° শৰ্মা ডাঙৰীয়াই কয়।
গাৰ্গৰ ১৩ দিনীয়া ধৰ্মীয় ৰীতি-নীতি যোৰহাটত কৰা হ'ব বুলি কৈ যোৰহাটতো জুবিনৰ নামত আন এটা সমাধিস্থল নিৰ্মান কৰা হ'ব বুলি মূখ্যমন্ত্ৰী ডাঙৰিয়াই সদৰি কৰে।
কিন্তু সেহতীয়া খবৰ মতে জুবিনৰ মৃত্যুত সন্দেহ প্ৰকাশ কৰি ৰাইজে পুনৰ প'ষ্টমৰ্টেমৰ দাবী কৰাত কাইলৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ১১ বজাত পুনৰ প'ষ্টমৰ্টেম কৰি দুপৰীয়া ২ বজাত জুবিন গাৰ্গক লৈ যোৱা হ'ব বুলি মূখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমক জনায়।
Post a Comment