
ফটো ক্ৰেডিট-অসমীয়া প্ৰতিদিন
জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া সোনাপুৰত

সদ্য প্ৰয়াত অসম বাসীৰ হাৰ্টথ্ৰ'ৱ,জুবিন গাৰ্গৰ অন্তিম শয়ণৰ স্থান সোনাপুৰৰ কমাৰকুছিৰ হাতীমূৰাত ঠিক কৰে অসম চৰকাৰে।
২৩ চেপ্তেম্বৰৰ পুৱা ৮ বজাত সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যদাৰে শেষকৃত্য সমামন কৰা হ'ব বুলি সংবাদ মাধ্যমত প্ৰকাশ।
প্ৰায় ১০ বিঘা মাটিৰ ৫ বিঘা চাফ কৰাৰ কামত পূৰ্ণদমে লাগি আছে প্ৰশাসন যাতে সময়ৰ আগতেই সমাধিক্ষেত্ৰ সাজু কৰি তুলিব পাৰে।
সোনাপুৰৰ উপৰিও শিল্পী জনৰ আন এটা সমাধিক্ষেত্ৰ যোৰহাটতো স্থাপন কৰাৰ সিধান্ত লৈছে অসম চৰকাৰে।
চৰকাৰে অহা কালিলৈকে গাৰ্গৰ নশ্বৰ দেহ ৰাইজৰ বাবে সৰুসজাইতে ৰখা হ'ব বুলি ঘোষণা কৰিছে।
সমাধি স্থানৰ সম্পৰ্কে যোৰহাট বাসীয়েও যোৰহাটতে শিল্পী জনৰ শেষকৃত্য সম্পন্ন কৰাৰ বাবে বহু যোৰ দিছিল যদিও জুবিন গাৰ্গৰ অসুস্থতা তথা মৃতকৰ দেহৰ অৱস্থালৈ চায় ৰাজ্যিক কেবিনেটে সোনাপুৰতে গাৰ্গক সমাধিস্ত কৰাৰ সিধান্ত লয়।
Post a Comment