Top News

ৰাষ্ট্ৰীয় মৰ্যদাৰে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি

ৰাষ্ট্ৰীয়-মৰ্যদাৰে-জুবিন-গাৰ্গক-শ্ৰদ্ধাঞ্জলি
ফটো-X/@হিমন্তবিশ্ব


ৰাষ্ট্ৰীয় মৰ্যদাৰে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি


আজি সোনাপুৰত অসমৰ হাৰ্টথ্ৰ'ৱ জুবিন গাৰ্গক সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যদাৰে অন্তিম শ্ৰদ্ধাঞ্জলি দিয়া হ'য়।

অগনন জুবিন গুণমুগ্ধৰ উপস্থিতিত অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা জনপ্ৰিয় শিল্পী জনক আৱেগিক তথা চৰাকাৰী ভাৱে শ্ৰদ্ধা জনোৱা হ'য়।

মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসমৰ সকলো মন্ত্ৰী বিধায়ক সকল জুবিনৰ শ্ৰদ্ধাঞ্জলি অনুস্থানটোত উপস্থিত থকাৰ উপৰিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ হৈ কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু,কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল,পৱিত্ৰ মাঘেৰিতা তথা আন শিল্পী সকলো অনুস্থানটোত উপস্থিত থাকে।

আজি দিনটোতেই শিল্পী জনৰ সমাধিস্থলৰ নামো "জুবিনক্ষেত্ৰ" বুলি নামাকৰন কৰা হৈছে।

ইফালে গোলাঘাটৰ প্ৰাক্তন বিধায়ক জীতেন গগৈয়ে এমাহৰ ভিতৰত জুবিন গাৰ্গৰ মূৰ্টি সমাধিস্থলত স্থাপন কৰা হ'ব বুলি সংবাদ মাধ্যমত উল্লেখ কৰে।

গাৰ্গৰ নিজৰ গান "মায়াবিনি..." গানেৰে গুণমুগ্ধ সকলে আৱেগিক ভাৱে বিদায় জনোৱা জুবিনৰ এই সমাধি স্থানেই এতিয়া নতুন পৰিচয় হৈ পৰিল।

ভূপেন হাজৰীকাৰ পিছত জুবিনেই অসমৰ সংগীত জগত খনক অকলেই টনকিয়াল ৰখা আৰু এতিয়া জুবিন বিহীন হৈ পৰাত অসমৰ বাবে ডাঙৰ ক্ষতি হৈ ৰ'ল।

Post a Comment

Previous Post Next Post