Top News

লাখপতি বাইদেউৰ সংখ্যা ৪০ লাখলৈ বৃদ্ধি

 
আজাৰাত-মূখ্যমন্ত্ৰীৰ-লাখপতি-বাইদেউৰ-প্ৰথম-কিস্তি-বিতৰন
ফটো ক্ৰেডিট-আছাম ট্ৰিবিউন


লাখপতি বাইদেউৰ সংখ্যা ৪০ লাখলৈ বৃদ্ধি


আজি অসমৰ মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজাৰত লাখপতি বাইদেউৰ প্ৰথম কিস্তি ধন বিতৰন অনুস্থানত অসমত লাখপতি বাইদেউৰ সংখ্যা বৰ্তমানৰ ৮ লাখৰ পৰা ৪০ লাখলৈ বৃদ্ধি কৰাৰ পৰিকল্পনা লোৱা হৈছে বুলি উল্লেখ কৰে।

মূখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ যোগেদি ৰাজ্যখনৰ মহিলা সকলক ক্ষুদ্ৰ উদ্যোগ স্থাপনৰ দ্বাৰা আৰ্থিক সৱল কৰি তোলাৰ লক্ষ্যৰে বেংকৰ যোগেদি ১ লাখ টকাকৈ আত্ম সহায়ক গোট সমূহক দিয়াৰ উদ্দেশ্যে ইয়াৰ প্ৰথম কিস্তি টকা আজি আদায় দিয়ে।

নগৰাঞ্চলত ৫০ হাজাৰ আত্ম সহায়ক গোট থকাৰ বিপৰীতে গ্ৰামাঞ্চলত ৪ লাখ এনে আত্ম সহায়ক গোট আছে বুলি ড° শৰ্মা ডাঙৰীয়াই সদৰি কৰে।

এই আঁচনিৰ অধীনত আত্ম সহায়ক গোট সমূহে ১৬ হাজাৰ কোটি আকৰ্ষণীয় সুতৰ হাৰত ঝণ লাভ কৰা বুলি মূখ্যযন্ত্ৰীয়ে কয়।

অৱশ্যে তিনিটা সন্তান থকা মহিলাই এই আঁচনিৰ বাবে যোগ্য নহব বুলি ভাষণ প্ৰসংগত মূখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।


Post a Comment

Previous Post Next Post