
ফটো-প্ৰতিদিন সংবাদ
মাদানীৰ গোৱালপাৰাৰ ভ্ৰমণকলৈ মূখ্যমন্ত্ৰীৰ সতৰ্কবানী

যোৱাকালি সৰ্বভাৰতীয় জমিয়ত উলেমা-ই হিন্দৰ সভাপতি মঃ এ মাদানীৰ গোৱালপাৰা ভ্ৰমণকলৈ কঠোৰ মূখ্যমন্ত্ৰী।
যোৱাকালি জমিয়তৰ সভাপতি গৰাকীয়ে উচ্ছেদ কৰা অঞ্চল ভ্ৰমণ কৰি আজি সংবাদমেল সংবোধন কৰাৰ পাছতেই অসমৰ মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ এই দৃষ্টি।
উল্লেখযোগ্য যে অসম চৰকাৰে অবৈধ বিদেশীৰ অবৈধ বে-দখলকাৰীৰ বিৰুধ্যে তীব্ৰ উচ্ছেদ অভিযান চলাই আছে।
ইয়াৰেই প্ৰতিবাদত জমিয়তৰ সভাপতি গৰাকীয়ে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মতে চৰকাৰে ন্যায়ালয়ৰ নিয়ম মানিব মানিব লাগে বুলি আজি সংবাদ মাধ্যম যোগে অসম চৰকাৰক সতৰ্ক কৰি দিছিল।
মূখ্যমন্ত্ৰী শৰ্মাই এই বুলিও আজি সংবাদ মাধ্যমৰ আগত কয় যে সীমা চেৰাই গলেই গ্ৰেপ্তাৰ অনিবাৰ্য্য।
অৱশ্যে অসম চৰকাৰৰ ফালৰ পৰা মাদানীৰ অসম ভ্ৰমণৰ পূৰ্বেই নিৰাপত্তা জনিত কাৰনত কঠোৰ নিৰ্দেশনা জাৰী কৰিছিল বুলি সংবাদ মাধ্যমত প্ৰচাৰিত হৈছিল।
Post a Comment