
ফটো ক্ৰেডিট-দ্য হিন্দু
জুবিন গাৰ্গৰ মৃত্যুত তিনিদিনীয়া শোক

যোৱাকালি ছিংগাপুৰত অকস্মাতে অকালতে মৃত্যুক সাৱতি লোৱা অসমৰ প্ৰিয় প্ৰখ্যাত শিল্পী জুবিন গাৰ্গৰ বাবে ৰাজ্যযোৰি তিনিদিনীয়া শোক দিৱস ঘোষণা ৰাজ্য চৰকাৰৰ।
আজি সামাজিক মাধ্যম,এস্ক(X) যোগে এই ঘোষণা কৰে অসমৰ মূখ্য সচিৱ শ্ৰী ৰবি কুটা ডাঙৰীয়াই।
আজি ২০ চেপ্তেম্বৰৰ পৰা ২২ চেপ্তেবৰলৈ তিনিদিনীয়াকৈ শিল্পী জনৰ মৃত্যুত শোক পালন কৰা হ'ব।
এই সময়চোৱাত চৰকাৰীভাৱে কোনো আমোদ-প্ৰমোদ পতা ন'হব বুলি সচিৱ ডাঙৰীয়াই স্পষ্ট কৰি দিছে।
অৱশ্যে স্বাস্থ্য শিবিৰ চলি থাকিব বুলি মূখ্যসচিৱ গৰাকীয়ে এস্কত উল্লেখ কৰিছে।
🕯️ অসমৰ চিৰন্তন কণ্ঠৰ মৰমৰ স্মৃতিত জুবিন গাৰ্গ
— মুখ্যমন্ত্ৰী অসম (@CMOfficeAssam) ২০ ছেপ্টেম্বৰ, ২০২৫
সন্মানৰ চিন স্বৰূপে এইচ চি এম ড° @himantabiswa-এ ২০২৫ চনৰ ২০ ছেপ্টেম্বৰৰ পৰা ২২ ছেপ্টেম্বৰলৈ ৰাজ্যিক শোক ঘোষণা কৰিবলৈ নিৰ্দেশ দিছে।
এই সময়ছোৱাত সকলো চৰকাৰী মনোৰঞ্জন, আনুষ্ঠানিক অনুষ্ঠান আৰু ৰাজহুৱা উদযাপন...
Post a Comment