
ফটো-প্ৰতিদিন সংবাদ
দূৰ্গাপূজালৈ ১০ হাজাৰ টকা

আগন্তুক দূৰ্গপূজা উপলক্ষ্যে অসমৰ সকলো দূৰ্গাপূজা কমিটিলৈ ১০ হাজাৰ টকাকৈ অসম চৰকাৰৰ আৰ্থিক অনুদান।
মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সামাজিক মাধ্যম এস্ক যোগে সদৰি কৰি লিখিছে যে পূজা কমিটি সমূহে পাব লগীয়া ধন ইতিমধ্যে ৰাজ্যৰ সকলো জিলা আয়োক্তলৈ প্ৰেৰণ কৰা হৈছে।
এইবাৰ অসমৰ ৭৮১৭ খন পূজা কমিটিলৈ প্ৰত্যেককে দহ হাজাৰ টকাকৈ দিয়া হৈছে।
উল্লেখযোগ্য যে যোৱা বছৰৰ পৰাই অসম চৰকাৰে এনে আৰ্থিক সহায় পূজা কমিটি সমূহক দি আহিছে।
ইয়াৰ উদ্দেশ্যই হৈছে পূজা সমিটি সমূহক আৰ্থিক ভাৱে টনকিয়াল কৰাৰ লগতে জবৰদস্তি পূজাৰ চান্দা উঠোৱাত বাধা আৰোপ কৰা যাতে ব্যৱসায় প্ৰতিষ্ঠান সমূহে পূজাৰ নামত ক্ষতি হ'ব লগীয়া ন'হয়।
এইবাৰ পূজা অহা ২৮ চেপ্তেম্বৰৰ পৰা ২ অক্টোবৰলৈ পালন কৰা হ'ব।
যোৱা বছৰৰ দৰেই অসম চৰকাৰে ৭,৮১৭খন দুৰ্গা পূজা সমিতিক ১০,০০০ টকাকৈ আৰ্থিক অনুদান আগবঢ়াইছে যাতে এই উৎসৱটো উপযুক্তভাৱে উদযাপন কৰিব পৰা যায়। ইতিমধ্যে এই ধনৰাশি নিজ নিজ জিলা উপায়ুক্তক আগলৈ...
— হিমন্ত বিশ্ব শৰ্মা (@himantabiswa) ২৪ ছেপ্টেম্বৰ, ২০২৫
Post a Comment